
ওদালগুৰিঃ বুধবাৰৰ পৰা অনুষ্ঠিত হোৱা ষষ্ঠ ভৈৰৱকুণ্ড পৰ্যটন মহোৎসৱৰ শনিবাৰে সফল সামৰণী পৰে। ওদালগুৰি জিলাৰ ভাৰত-ভূটান-অৰুণাচল প্ৰদেশৰ ত্ৰিবেণীসংগমস্থলীত প্ৰকৃতিৰাণী ভৈৰৱকুণ্ড বনভোজস্থলীৰ গাতে লাগি থকা ভৈৰৱকুণ্ড পৰ্যটন আৱাসস্থলীত শনিবাৰৰ ৰকা নিজম পৰিল৷ চাৰিদিনীয়া বৰ্ণাধ্য কাৰ্যসূচীৰ অন্তত সামৰণি পৰিল ষষ্ঠ বাৰ্ষিক ভৈৰৱকুণ্ড পৰ্যটন মহোৎসৱস্থলীৰ।
বিগত ১৭ জানুৱাৰীৰ পৰা বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীৰ লগতে ৰাজ্যিক ভিত্তিত বহু প্ৰতিযোগিতাও অনুষ্ঠিত হয় মহোৎসৱত। অন্তিম দিনৰ কাৰ্যসূচী অনুসৰি ২০ জানুৱাৰীৰ পুৱা ১০ বজাত ভূটান, অৰুণাচল প্ৰদেশৰ বিভিন্ন সাংস্কৃতিক দলৰ লগতে অসমীয়া, বড়ো, গোৰ্খালী, ৰাভা, আদিবাসী, কোচ ৰাজবংশী ইত্যাদি জনগোষ্ঠীসমূহৰ আকৰ্ষণীয় সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়। দিনৰ দুই বজাত ষষ্ঠ বাৰ্ষিক ভৈৰৱকুণ্ড পৰ্যটন মহোৎসৱৰ সামৰণি অনুষ্ঠানৰ উদ্বোধন কৰে বিটিচিৰ কাৰ্যবাহী সদস্য লৌমশ্ৰাও দৈমাৰীয়ে। অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে অসম পৰ্যটন উন্নয়ন নিগমৰ সভাপতি জয়ন্তমল্ল বৰুৱাই।
ভাষণ প্ৰসংগত বৰুৱাই কয় যে বিটিচি অঞ্চলৰ ভৈৰৱকুণ্ডই পৰ্যটন ক্ষেত্ৰত অৱদান আগবঢ়াই আহিছে। পৰ্যটনস্থলীসমূহৰ পৰিৱেশৰ সৌন্দৰ্যতা সংৰক্ষণ কৰিব পাৰিলে আগন্তুক দিনত ৰাজ্যলৈ অধিক পৰিমাণে পৰ্যটকৰ আগমণ ঘটিব। জয়ন্ত মল্ল বৰুৱাই বিগত ২০১৬ চনৰ তুলনাত ২০১৭ চনত ৰাজ্যলৈ বিদেশী পৰ্যটকৰ আগমণ আঢ়ৈগুণ বৃদ্ধি পোৱাৰ বিপৰীতে দেশীয় পৰ্যটকৰ আগমণদুগুণ বৃদ্ধি হৈছে। ভৈৰৱকুণ্ডত ভগৱান প্ৰদত্ত সকলো সৌন্দৰ্যতা আছে।
প্ৰাকৃতিক সৌন্দৰ্যক সংৰক্ষিত কৰিবলৈ সক্ষম হ'লে আৰু আন্তঃ গাঁঠনিৰ উন্নতি কৰিব পাৰিলে আৰু অধিক পৰ্যটনৰ আগমণ ঘটিব বুলি মত ব্যক্ত কৰে। বিগত তিনি বছৰ পূৰ্বে বিটিচি প্ৰশাসনে ভৈৰৱকুণ্ডক আৰু অধিক উন্নত কৰিবলৈ তিনি বিঘা মাটি অসম চৰকাৰক প্ৰদান কৰিছিল। এই মাটিত ইতিমধ্যে যথেষ্ট পৰিমাণৰ কাম কৰা হৈছে। ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু পৰ্যটন উন্নয়ণ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ পৰ্যটন ক্ষেত্ৰখন উন্নয়নৰ বাবে যথেষ্ট কাম কৰি আহিছে আৰু আগন্তুক দিনতো কৰি যাব বুলি কয় বৰুৱাই।
অসম চৰকাৰৰ মন্ত্ৰী তথা মহোৎসৱৰ সভাপতি ৰিহন দৈমাৰীৰ সভাপতিত্বত অনুষ্ঠিত মহোৎসৱৰ সামৰণি সভাত "ভৈৰৱকুণ্ড" নামৰ স্মৃতিগ্ৰন্থ উন্মোচন কৰে পানেৰী বিধানসভা সমষ্টিৰ বিধায়িকা কমলী বসুমতাৰীয়ে। সামৰণি অনুষ্ঠানত উপস্থিত আছিল বিধায়িকা কমলী বসুমতাৰী, বিধায়ক চৰণ বড়ো, প্ৰাক্তণ বিধায়ক ৰাখেশ্বৰ ব্ৰহ্ম, বিটিচিৰ উপাধ্যক্ষ নেৰশ্বন বড়ো, বিটিচি কাৰ্যবাহী সদস্য লৌমশ্ৰাও দৈমাৰী, শ্যামসুন্দী, এমচিএলএ ৰিপেন দৈমাৰীয়ে৷