21
May
2017

ওৰাংঃ বিশ্ব পৰিৱেশ দিৱসলৈ মাজত মাথো কেইটামান দিন বাকী থকা অৱস্থাত প্ৰকৃতি সুৰক্ষা পৰিষদৰ উদ্যোগত আজি ওৰাং সপ্তাহিক বজাৰত বৃক্ষৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰা হয়।
এই কাৰ্যসূচীক নেতৃত্ব দিয়ে ওদালগুৰি জিলা সমিতিৰ সভাপতি কিশোৰ শৰ্মা আৰু সাধাৰণ সম্পাদক দিব্যজ্যোতি শইকীয়াই।
একেটা অনুষ্ঠানতে বৃক্ষৰোপণ কাৰ্যসূচীৰ লগতে, প্ৰাকৃতিক ভাৰসাম্য ৰক্ষাৰ বাবে বৃক্ষৰ আৱশ্যকতা আৰু বৃক্ষৰোপণৰ প্ৰয়োজনীয়তা কিমান সেই সম্পৰ্কেও ৰাইজক সজাগ কৰা হয়। এই ক্ষেত্ৰত আগভাগ লয় অঞ্চলটোৰ কেবাখনো বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে।
ওৰাং সপ্তাহিক বজাৰৰ বহাগী বিদায় অনুষ্ঠানৰ সৈতে সংগতি ৰাখি আয়োজন কৰা প্ৰকৃতি সুৰক্ষা পৰিষদৰ এই কাৰ্যসূচীক অঞ্চলবাসীয়ে শলাগ লৈছে।