
চাপৰঃ ৰাজ্যৰ অন্যান্য জিলাৰ লগতে ধুবুৰী জিলাৰো বান পৰিস্থিতি সামান্য উন্নত হোৱাৰ পিছতে আৰম্ভ হৈছে নৈ-উপনৈসমূহৰ খহনীয়াৰ তাণ্ডৱ।
ধুবুৰী জিলাৰ চাপৰ-শালকোছা উন্নয়ন খণ্ডৰ অন্তৰ্গত পুঠিমাৰী অঞ্চলত আৰম্ভ হৈছে মৰা চম্পাৱতী নৈৰ তাণ্ডৱ। নৈখনে ৩১ নং ৰাষ্ট্রীয় ঘাইপথৰ পৰা পুঠিমাৰী সংলগ্ন গড়কাপ্তানী পথৰ দলং এখন উটুৱাই নিয়াৰ উপক্ৰম কৰিছে।
বানপানীৰ পিছতে দলংখনৰ আধা অংশ খহি নৈৰ বুকুত যাহ গৈছে। ফলত দলংখনেৰে যান বাহন চলাচল বন্ধ হৈ আছে। প্ৰায় ৫০ হাজাৰ ৰাইজৰ যাতায়তৰ একমাত্র সম্বল এই দলংখন।
স্থানীয় ৰাইজে বিভাগীয় কৰ্তৃপক্ষক বাৰম্বাৰ অনুৰোধ কৰা সত্ত্বেও আজিলৈকে এই দলংখন সুৰক্ষিত কৰাৰ ব্যৱস্থা নকৰিলে।
যাৰ পৰিপ্ৰেক্ষিতত বানপানীৰ পিছতে দলংখনৰ এক তৃতীয়াংশ খহি নৈত যাহ গৈছে। সেয়ে স্থানীয় ৰাইজৰ দাবী অতিশীস্ৰে দলংখন মেৰামতি কৰি যাতায়তৰ সু ব্যৱস্থা কৰি দিয়ে যেন।
ইপিনে, এই গড়কাপ্তানী পথটো মেৰামতিৰ নামত বিগত বৰ্ষত আৱন্টিত হৈছিল ৬০ লাখ টকা। কিন্তু মেৰামতিৰ নামত আৱন্টিত ধন ঠিকাদাৰ দীপক দাসে নাম মাত্ৰ কাম কৰিয়েই সমুদায় ধন আত্মসাৎ কৰাৰ অভিযোগ স্থানীয় ৰাইজৰ। যাৰ পৰিপ্ৰেক্ষিতত সামান্য বানপানীতে পথটো ছিঙি যোৱা বুলি দাবী কৰিছে ৰাইজে।