
গুৱাহাটীঃ দীৰ্ঘদীনীয়া জল্পনা-কল্পনাৰ অন্তত আজি পুৱাই হাতী, এক্সেভেটৰ বৃহৎ আৰক্ষী-অৰ্ধসামৰিক বাহিনীৰ লোক লগত লৈ কামৰূপ জিলা প্ৰশাসনে উচ্ছেদ অভিযান চলাই আমচাং অভয়াৰণ্যত৷ ৰাজহুৱা স্বাৰ্থজড়িত আবেদনৰ ভিত্তিত উচ্চ ন্যায়ালয়ৰ ২৭-২০১৩ নম্বৰৰ নিৰ্দেশ মৰ্মে আজি বন বিভাগৰ সহযোগত উচ্ছেদ অভিযান চলাই জিলা প্ৰশাসনে৷
পুৱা ৯ বজাৰ পৰা প্ৰায় বিশটা হাতী, কেইবাখনো এক্সেভেটৰ সহ প্ৰায় ১৫০০ অৰ্ধসামৰিক আৰু আৰক্ষীৰ লোক উপস্থিত হয় মহানগৰীৰ বতাহঘুলি অঞ্চলত৷
উচ্ছেদৰ খবৰ প্ৰচাৰ হোৱাৰ পাছৰে পৰা উত্তেজনাই বিৰাজ কৰি থকা আমচাং অভয়াৰণ্যত উচ্ছেদৰ বাবে প্ৰশাসনৰ লোক উপস্থিত হোৱাৰ পাছতে লোকসকলৰ মাজত চেপা উত্তেজনা বিৰাজ কৰে৷
বছৰ বছৰ ধৰি বসবাস কৰি থকা জনগোষ্ঠীয় লোকসকল উচুপি উঠে৷ অবৈধ ভাবে বছৰ বছৰ ধৰি বসবাস কৰি থকা লোকসকলে উচ্ছেদৰ বাবে যোৱা বৃহৎ বাহিনীটো চাৰিটা ভাগত বিভক্ত হয়৷
অভয়াৰণ্য খনৰ পাঞ্জাবাৰী অঞ্চলৰ কলাক্ষেত্ৰ বিছফাল আৰু বতাহঘুলিৰ পাব্লিক স্কুলৰ পথেৰে উচ্ছেদৰ বাবে প্ৰবেশ কৰে৷ আন দুটা দল আমচাং যোৰাবাট আৰু নাৰেংগী-পানীখাইতি অঞ্চলেৰে প্ৰৱেশ কৰি অভয়াৰণ্য খনত উচ্ছেদ অভিযান চলাই৷
৮০ বৰ্গ কিঃ মিঃ অভয়াৰণ্য খনৰ ৮০০ হেক্টৰ ভূমিয়ে বেদখলকাৰীৰ কবলত পৰা বুলি অভিযোগ উত্থাপিত হয়৷ প্ৰশাসনৰ বৃহৎ বাহিনী প্ৰত্যক্ষ কৰি একপ্ৰকাৰ আতংকিত হৈ পৰে অভয়াৰণ্য খনত বাস কৰা লোকসকল৷ সপোণৰ ঘৰ খন মূহুৰ্ততে নিশ্চিহ্ন হৈ যোৱাৰ ছবি খন প্ৰত্যক্ষ কৰি বেদনা বিভোৰ হৈ পৰিছিল বহু লোক৷ কোলাত কেচুৱা লৈ ফেকুৰি উঠিছিল বহু লোক৷
এফালৰ পৰা ঘৰ সমূহ প্ৰশাসনে হাতী এক্সেভেটৰেৰে ভাঙি যোৱাৰ পাছতে উচ্চতম ন্যায়লয়ে উচ্ছেদ অবিযান স্থগিতাদেশ জাৰি কৰা বুলি প্ৰচাৰ হয়।
গুৱাহাটী বন সংমণ্ডল তথা বন্যপ্ৰাণী সংমণ্ডলৰ অধিনৰ আমচাং অভয়াৰণ্যত বসবাস কৰা লোকৰ ঘৰ-দুৱাৰ এফালৰ পৰা ভাঙি যায় ৰাজ্য চৰকাৰে৷ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ আদেশৰ পাছতে অভয়াৰণ্য খনত বছৰ বছৰ ধৰি বসবাস কৰি অহা লোকক উচ্ছেদ কৰে ৰাজ্য চৰকাৰে৷
বাঘৰবড়িৰ নৱজ্যোতি অাৰু বতাহঘুলি অঞ্চলত উচ্ছেদ অভিযান চলাই বন বিভাগে৷আনহাতে একাংশ লোকে ফেচবুকৰ জৰিয়তে বাব ৰামদেৱক শ শ বিঘা মাটি দিয়া চৰকাৰে থলুৱাক উচ্ছেদ কৰা বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে৷ আন একাংশ লোকে প্ৰভাৱশালী লোকৰ ঘৰ-দুৱাৰ বাছি যাব বুলিও আশংকা ব্যক্ত কৰে৷
উচ্ছেদৰ বিৰোধিতা কৰে কৃষক নেতা অখিল গগৈয়ে৷ জাতি-মাটি-ভেটিৰ কথা কোৱা বিজেপিয়ে থলুৱাক আশ্ৰয়হীন কৰিব খোজা বুলি অভিযোগ কৰে অখিলে৷ অখিল গগৈয়ে আপোনালোকে উচ্ছেদ কৰক, আমি পুনৰাই দখল কৰিম বুলি কয়। বন বিভাগে এখন পুৰ্বে অভয়াৰণ্য খনত বসবাস কৰি থকা লোকসকলক ঠাই ত্যাগ কৰিবলৈ গোহাৰী প্ৰচাৰ কৰিছিল৷
আনহাতে উচ্ছেদিত লোকসকলে ক্ষোভিত হৈ আৰক্ষীক শিলগুটি নিক্ষেপ কৰে। উচ্ছেদিত লোক আৰু আৰক্ষীৰ মাজত প্ৰত্যক্ষ সংঘাত লগা পৰিলক্ষিত হয়৷