
লখিমপুৰঃ গুৱাহাটী মহানগৰীৰ আমচাং অভয়াৰণ্য আৰু কাৰ্বি আংলং জিলাৰ অসম-নাগালেণ্ড সীমান্তৰ উচ্ছেদ অভিযানে চাঞ্চল্যৰ সৃষ্টি কৰি থকাৰ সময়তে শুকুৰবাৰে লখিমপুৰ জিলাৰ দুলুং সংৰক্ষিত বনাঞ্চলত ৰাজ্য চৰকাৰে ব্যাপক উচ্ছেদ অভিযান চলাই৷
অসম চৰকাৰৰ নিৰ্দেশত লখিমপুৰ জিলা প্ৰশাসন, বন বিভাগে অৰুণাচলী বে-দখলকাৰীৰ বিৰুদ্ধে উচ্ছেদ অভিযান চলাই৷ অৰুণাচলী লোকে দুলুঙ বনাঞ্চলৰ শ-শ বিঘা ভূমি দখল কৰি পৰ্যটন কেন্দ্ৰ গঢ়াৰ লগতে ঘৰ-বৰ নিৰ্মাণ কৰিছিল৷
অৰুণাচল চৰকাৰৰ পৃষ্ঠপোষকতাত অসমৰ ভূমি বে-দখল কৰি ঘৰ-বৰ সজোৱাৰ অভিযোগ উত্থাপন কৰাৰ লগতে বিভিন্ন দল-সংগঠনে বে-দখল উচ্ছেদ কৰাৰ দাবী জনাই আহিছে। প্ৰশাসনে উচ্ছেদ কৰিবলৈ যোৱৰ সময়তে হাতে হাতে দা-কুঠাৰ বন্দুক লৈ ওলাই আহে অৰুণাচলী। যিকোনো মুহূৰ্ততে ৰক্তাক্ত হোৱাৰ আশংকা ব্যক্ত কৰিছে একাংশ লোকে৷
আনহাতে দুলুং বনাঞ্চলত যিকোনো বিনিময়ত অসম চৰাকৰে উচ্ছেদ চলাব বুলি জানিব পৰা গৈছে। অৰুণাচল প্ৰদেশৰ চৰকাৰৰ উচটনিতে বে-দখলকাৰী অৰুণাচলীয়ে উচ্ছেদৰ বাবে যোৱা অসমৰ লোকৰ বাবে ৰণচণ্ডী ৰূপ ধাৰণ কৰে। সাংবাদিকৰ প্ৰৱেশতো বাধা প্ৰদান কৰে ক্ষোভিত অৰুণাচলীয়ে।
আনহাতে অৰুণাচল চৰকাৰে অসমৰ মাটিত নিৰ্মাণ কৰা কেইবাটাও গৃহ ভাঙি পেলোৱাৰ লগতে অৰুণাচলী লোকে নিৰ্মাণ কৰা গৃহ ভাঙি পেলায়। উচ্ছেদৰ দলটোৱে উভুতি অহাৰ সময়ত তীব্ৰ উত্তেজনাৰ সৃষ্টি হয়।কিয়নো একাংশ অৰুণাচলীয়ে উচ্ছেদৰ বাবে যোৱা দলটোক ভেটা গাত খান্দি দিয়াৰ ফলত উত্তেজনাৰ সৃষ্টি হয়।