ই-আবর্জনা কি বাৰু ?
ৰাষ্ট্রসংঘৰ পৰিবেশ কার্যসুচীৰ বেছেল সন্মিলন অনুযায়ী আবর্জনা হৈছে ইতিমধ্যে নিস্পত্তি কৰা, বা দেশীয় বিধি অনুযায়ী নিস্পত্তি কৰিবলগীয়া পদার্থ বা সামগ্রী। তদুপৰি বিপজ্জনক বুলি পৰিগণিত হোৱা সামগ্রীকো আবর্জনাৰ শাৰীত ধৰা হয়। বৈদ্যুতিন আবর্জনা বা ই-আবর্জনা হৈছে বৈদ্যুতিনজাত সামগ্রীৰপৰা সৃষ্টি হোৱা আবর্জনা। ভাৰত চৰকাৰৰ ই-আবর্জনা (ব্যবস্থাপনা আৰু পৰিচালন) নীতি, ২০১১ত উল্লেখ কৰা মতে ই-আবর্জনা হৈছে পেলনীয়া বৈদ্যুতিক অথবা বৈদ্যুতিন সজুলি যাক সম্পুর্ণ বা আংশিকভাবে মেৰামতি বা নির্মাণ কৰিব পৰা নাযায়। মুঠৰ ওপৰত ই-আবর্জনাই বিকল, আওপুৰণি, ভগা বৈদ্যুতিক বা বৈদ্যুতিন সামগ্রীকে বুজায়। ইউৰোপীয় সংঘই এই ক্রমবর্ধমান সমস্যাৰ প্রতি লক্ষ্য ৰাখি কেতবোৰ নীতি নির্ধাৰণ কৰিছে। লগতে ই-আবর্জনা পুনর্জীবিকৰণ আৰু নিষ্পত্তিকৰণৰ বাবে পদ্ধতি গ্রহণ কৰিছে। এইধৰণৰ আবর্জনাক সংঘই ‘পেলনীয় বৈদ্যুতিক আৰু বৈদ্যুতিন সজুলি’ শাৰীত ৰাখিছে।
কোনবোৰ সামগ্রীয়ে ই-আবর্জনাৰ সৃষ্টি কৰিব পাৰে ?
প্রায় সকলোবোৰ বৈদ্যুতিক আৰু বৈদ্যুতিন সামগ্রীয়ে ই-আবর্জনা সৃষ্টি কৰিব পাৰে। ভাৰত চৰকাৰৰ ই-আবর্জনা নীতি, ২০১১ অনুযায়ী মেইনফ্রেম, মিনি-কম্পিউটাৰ, পার্চনেল কম্পিউটাৰ, লেপ্টপ, নোটবুক, নোটপেড, কম্পিউটাৰৰ আনুসাঙ্গিক সামগ্রী যেনে কী-বোর্ড, মাউচ আদি, ম’বাইল ফোন, প্রিন্টাৰ, জেৰক্স কৰা সামগ্রী, টাইপৰাইটাৰ, টেলিফোন, আন্সারিং মেচিন, টি. ভি. চেট, ৰোফ্রিজিৰেটৰ, এয়াৰ কন্ডিশ্যনিং চিষ্টেম আদি ই-আবর্জনা সৃষ্টি কৰিব পৰা সামগ্রীৰ তালিকাত ধৰা হৈছে।
কি থাকে এই ই-আবর্জনাত ?
ই-আবর্জনাত থকা উপাদানসমুহক বিপজ্জনক আৰু অ-বিপজ্জনক এই দুটা ভাগত ভগোৱা হয়। বিভিন্ন প্রকাৰৰ ধাতু, প্লাষ্টিক, কাঁচ, কাঠ, প্লাই-উড, প্রিন্টেড চার্কিট বোর্ড, কংক্রিট, চেৰামিক, ৰবৰ আদি বৈদ্যুতিন বা বৈদ্যুতিক সামগ্রীত থাকে। লেড, পাৰা, আর্চেনিক, প্লেটিনাম, পেলেডিয়াম, কেডমিয়াম, চেলেনিয়াম, হেক্সাভেলেণ্ট ক্রমিয়াম আদি ধাতুৰ মাত্রাধিক উপস্থিতিয়ে ই-আবর্জনাক বিপজ্জনক কৰি তোলে। বেচেল এক্সন নেটৱর্কৰ এক প্রতিবেদন মতে ই-আবর্জনাত থকা এহাজাৰৰো অধিক উপাদানৰ প্রায়বোৰেই বিষাক্ত আৰু এনে উপাদানৰ নিস্পতিকৰণে গুৰুতৰভাবে পৰিবেশ প্রদুষণ ঘটায়। এনে উপাদান থকা আবর্জনা নিস্পত্তি কৰিলে বা নবীকৰণ কৰিলে তাৰপৰা অনান্য আনুসাংগিক উপাদান নির্গত হৈ অধিক সমস্যাৰহে সৃষ্টি কৰে। ই-আবর্জনাত থকা বিপজ্জনক উপাদানসমুহৰ এখন তালিকা তলত দিয়া হৈছেঃ
তালিকা ১- ই-আবর্জনাত থকা বিপজ্জনক উপাদান
বিপজ্জনক উপাদানৰ নাম |
ক’ত থাকে |
কি অপকাৰ কৰে |
|
|
|
সীহ
|
ৰিচার্জেবল বেটাৰী, সৌৰধাৰক, লিথিয়াম বেটাৰী, তাপ-বৈদ্যুতিক সামগ্রী, বর্তনী |
ক) প্রজনন ক্ষমতা আৰু বৃক্কৰ কার্য্যক্ষমতা হ্রাস খ) শিশুৰ মানসিক স্বাস্থ্য বিকাশত বাধা |
পাৰা |
ঘড়ীৰ বেটাৰী, পকেট কেলকুলেটৰ, এল. চি. ডি. আদি |
কেন্দ্রীয় স্নায়ুতন্ত্র, বৃক্ক আৰু রোগ প্রতিরোধী ক্ষমতাত বিৰূপ প্রভাব |
বেৰিলিয়াম |
চুইচ ব’র্ড আৰু প্রিন্টেড চার্কিট ব’র্ড |
হাঁওফাওৰ সমস্যা সৃষ্টিকাৰক |
ক্রমিয়াম |
কম্পিউটাৰ, চুইচ বোর্ড, বর্তনী |
ক) হেক্সাভেলেন্ট ক্রমিয়াম বা ক্রমিয়াম-৬ উশাহত ললে যকৃত, বৃক্ক আদি বিকল হ’ব পাৰে খ) হাঁওফাওৰ কর্কট রোগ সৃষ্টিকাৰক |
কেডমিয়াম |
মনিটৰ, চি.আৰ. টি., কম্পিউটাৰ বেটাৰী, চার্কিট বোর্ড |
ক) হাড় ঠুনুকা হোৱাৰ লগতে গাঠিত তীব্র বিষ অনুভূত হোৱা ‘ইতাই-ইতাই‘ রোগ সৃষ্টিকাৰক খ) বৃক্কৰ সমস্যা সৃষ্টিকাৰক |
ছালফাৰ |
বেটাৰী আদি |
ক)যকৃত, কিডনি আৰু হৃদযন্ত্র বিকল কৰিব পাৰে |
ভাৰতৰ ই-আবর্জনাঃ
এয়া অনুমান কৰা হৈছে যে বিশ্বৰ বছৰি মুঠ ই-আবর্জনাৰ (৪৮.৯ মিলিয়ন মেট্রিক টন)ৰ ০.৮ মেট্রিক টন ভাৰতত সৃষ্টি হয়। এই পৰিমাণ দিনে দিনে দ্রুত গতিত বাঢ়ি গৈ আছে। কেগৰ এক প্রতিবেদন মতে ভাৰতত বছৰি সৃষ্টি হোৱা আবর্জনাৰ পৰিমাণ তলৰ তালিকাত দিয়া ধৰণরঃ
তালিকা ২- ভাৰতত বছৰি সৃষ্টি হোৱা আবর্জনাৰ পৰিমাণ
ক্র. নং |
আবর্জনাৰ প্রকাৰ |
পৰিমাণ (মেট্রিক টন) |
১ |
ঔদ্যোগিক আবর্জনা |
৭.২ |
২ |
বৈদ্যুতিন আবর্জনা |
৪ লাখ টন |
৩ |
প্লাষ্টিক আবর্জনা |
১.৫ |
৪ |
মেডিকেলৰ আবর্জনা |
১.৭ |
৫ |
পৌৰনিগমৰ আবর্জনা |
৪৮ |
ইউরোপীয় সংঘৰ ‘পেলনীয় বৈদ্যুতিক আৰু বৈদ্যুতিন সজুলি’ মূল্যায়ন (২০০৫) অনুসৰি দেশখনত সর্বাধিক ই-আবর্জনা সৃষ্টিকাৰী প্রধান পাঁচখন ৰাজ্য এনেধৰণরঃ
তালিকা ৩- ভাৰতৰ ই-আবর্জনা সৃষ্টিকাৰী প্রধান পাঁচখন ৰাজ্য
ক্র. নং |
ৰাজ্য |
পৰিমাণ (পেলনীয় বৈদ্যুতিক আৰু বৈদ্যুতিন সজুলি) টন প্রতি বর্ষ |
|
|
|
১ |
মহাৰাষ্ট্র |
২০২৭০.৬ |
২ |
তামিলনাডু |
১৩৪৮৬.২ |
৩ |
অন্ধ্রপ্রদেশ |
১২৭৮০.৩ |
৪ |
উত্তৰপ্রদেশ |
১০৩৮১.১ |
৫ |
পশ্চিমবঙ্গ |
১০০৫৯.৪ |
* অসমৰ স্থান এই তালিকাত আছিল ষষ্ঠদশ (২১৭৬.৭ টন) |
উল্লেখ্য যে ই-আবর্জনা নিস্পত্তিকৰণ অথবা নবীকৰণ প্রক্রিয়াত নির্গত হোৱা বিষাক্ত গেছ, ধাতু আদি আমাৰ পৰিবেশত ইতিমধ্যে প্রবেশ কৰি ভয়াবহ ভবিষ্যত মাতি আনিছে। দিল্লীৰ লোনি আৰু মাণ্ডলি অঞ্চলত টক্সিক লিংক নামৰ সংস্থাই চলোৱা এক পৰীক্ষা অনুসৰি উক্ত অঞ্চল দুটাৰ মাটি আৰু পানীত মাত্রাধিক হাৰত বিষাক্ত মৌলৰ উপস্থিতি দেখা গৈছে। এচিড আৰু ৰাসায়নিক দ্রব্যৰ উপৰিও জিংক, সীহ আৰু পাৰাৰ উপস্থিতিয়ে উক্ত অঞ্চলৰ পানী খোৱাৰ অনুপযোগী কৰি তুলিছে বুলি উক্ত প্রতিবেদনত প্রকাশ পাইছে। অবৈধ সংস্থাৰ দ্বাৰা অবৈজ্ঞানিক পদ্ধতিত মহানগৰীখনৰ ই-আবর্জনা নিস্পত্তি কৰাৰ ফলতে এনে প্রদুষণৰ মাত্রা বৃদ্ধি পাইছে।
তথ্যপ্রযুক্তিৰ চহৰ বাঙ্গালোৰত এই পৰিস্থিতি অধিক ভয়াবহ। কর্ণাটক ৰাজ্য চৰকাৰৰ পৰিবেশ ব্যবস্থাপনা আৰু নীতি গবেষণা প্রতিষ্ঠানৰ এক প্রতিবেদনত এই কথা প্রকাশ পাইছে যে তথ্যপ্রযুক্তিৰ লগত জড়িত উদ্যোগসমুহ আৰু তথ্যপ্রযুক্তিৰ লগত অভ্যস্ত হৈ পৰা চহৰখনৰ নাগৰিকে এক বুজন পৰিমাণৰ (৮৬০০০ টন প্রতিবর্ষ) ই-আবর্জনা সৃষ্টি কৰে। মাত্র ৩৪ টা স্বীকৃতিপ্রাপ্ত নবীকৰণ সংস্থা থকা চহৰখনৰ ই-আবর্জনাৰ কেবল ১০ শতাংশহে এনে সংস্থাই সামৰি লয়। ই-আবর্জনা আইন, ২০১১ৰ আধাৰত উদ্যোগসমুহক ৰাজ্যও চৰকাৰখনে ই-আবর্জনা স্বীকৃতিপ্রাপ্ত নবীকৰণ সংস্থাৰ হাতত গতাবলৈ দিছে যদিও অবৈধ সংস্থাই কম দৰত চুক্তি কৰো বাবেই সিংহভাগ ই-আবর্জনা অ-বৈজ্ঞানিক পদ্ধতিৰেই মুকলিকৈ নিস্পত্তি অথবা নবীকৰণ কৰা হৈ আছে। এনে কৰাৰ ফলত চহৰখনৰ পৰিবেশত সীহ, কেডমিয়াম আৰু পাৰা আদি বিষাক্ত মৌল অধিক মাত্রাত প্রবেশ ঘটিছে।
টক্সিক লিংক নামৰ বেচৰকাৰী সংগঠনটোয়ে ভাৰতৰ ৫০ টা উদ্যোগৰ ওপৰত চলোৱা এক সমীক্ষা মতে ই-আবর্জনা বিধি (২০১১) ১৬ টা উদ্যোগেই সঠিকভাবে মানি চলা নাই। কেতবোৰ উদ্যোগে বিক্রি কৰা বৈদ্যুতিক আহিলাৰ কার্য্যক্ষমতা শেষ হোৱাৰ পিছত (‘end of life’) ঘুৰাই লোৱাৰ বাবে সংগ্রহ কেন্দ্র স্থাপন কৰিছে যদিও উপভোক্তাই তেনে সামগ্রী ভগা-চিগা কিনা লোককহে দিয়াটো পচন্দ কৰে। কিয়নো তেঁওলোকে তেনে সামগ্রী ঘৰে ঘৰে গৈ সংগ্রহ কৰে আৰু ভাল মূল্যও দিয়ে। ফলত এই আবর্জনা অবৈজ্ঞানিক পদ্ধতিৰে নবীকৰণ কৰা বা নিষ্পত্তি কৰা চক্রৰ হাতত পৰেগৈ। তাতোকৈ ডাঙৰ কথাতো হ’ল এনেধৰণে গঢ় লৈ উঠা অবৈধ বজাৰখন ভালেকেইখন চহৰত দুষ্টচক্রই নিয়ন্ত্রণ কৰি আছে বুলি কাকতে-পত্রই প্রকাশ পাইছে।
দেশখনৰ নবনির্বাচিত প্রধানমন্ত্রীগৰাকীৰ ‘ডিজিটেল ইণ্ডিয়া’ৰ কার্যপৰিকল্পনাই এইক্ষেত্রত পৰিস্থিতিৰ অধিক অবনতি ঘটোৱাৰ আশংকা দেখা গৈছে। ডিজিটেল ইণ্ডিয়াৰ বাবে স্থাপন কৰিবলগীয়া আন্তঃগাথনিত এক বুজন পৰিমাণৰ বৈদ্যুতিন সামগ্রী বিশেষকৈ কম্পিউটাৰৰ প্রয়োজন হ’ব। এই তথ্য বিভিন্ন গবেষণাত প্রকাশ পাইছে যে সর্বাধিক ই-আবর্জনা কম্পিউটাৰৰ পৰাই সৃষ্টি হয়। ভাৰতত ইয়াৰ হাৰ ৬৮ শতাংশ। ৰাষ্ট্রসংঘৰ ২০০৯ চনৰ এক প্রতিবেদন মতে ২০২০ বর্ষত ভাৰতত কম্পিউটাৰজাত ই-আবর্জনাৰ পৰিমাণ পাঁচ গুণ বাঢ়িব। তদুপৰি দেশখনৰ ই-আবর্জনাৰ ৯০ শতাংশই অসংগঠিত খণ্ডত অবৈজ্ঞানিক পদ্ধতিৰো নবীকৰণ অথবা নিস্পত্তি কৰা হয়। এনেস্থলত ই-আবর্জনা বিধি সন্দর্ভত কঠোৰ পদক্ষেপ গ্রহণ নকৰিলে ‘ডিজিটেল ইণ্ডিয়া’ৰ সপোন হিতে বিপৰীত হোৱাৰ সম্ভাবনা আছে।
সেয়ে হয়তো প্রধানমন্ত্রীগৰাকীয়ে স্বাধীনতা দিবসৰ ভাষণত দেশখনৰ আবর্জনাৰ বিষয়টোক সকলোতকৈ ডাঙৰ বিফলতা আখ্যা দিছে আৰু পৰিবেশৰ ওপৰত শুণ্য প্রভাব থকা সামগ্রী নির্মাণ কৰাৰ বাবে আহ্বান জনাইছে। কেন্দ্রীয় পৰিবেশ আৰু বন মন্ত্রী প্রকাশ জাভেদকাৰে শেহতীয়াভাবে এইকথা ঘোষণা কৰিছে যে ই-আবর্জনাৰ সমস্যা দূৰ কৰাৰ বাবে পৰিবেশ মন্ত্রালয়ে অতি শীঘ্রে বৈদ্যুতিন সামগ্রী তৈয়াৰ কৰা উদ্যোগৰ ক্ষেত্রত বিক্রি কৰা সামগ্রী পুনৰ ঘুৰাই লোৱা নীতি (buy back policy) গ্রহণ কৰা হ’ব। তদুপৰি উক্ত উদ্যোগে তেনে সামগ্রী উপযুক্ত বৈজ্ঞানিক পদ্ধতিৰে নিস্পত্তি কৰাৰ ক্ষেত্রতো কঠোৰ নীতি গ্রহণ কৰা হ’ব বুলিও মন্ত্রীগৰাকীয়ে উল্লেখ কৰিছে। বিপজ্জনক পদার্থৰ ব্যবস্থাপনাৰ বাবে আন্তঃগাঠনি নির্মাণ আচনিৰ অধীনত ই-আবর্জনা নিস্পত্তি কৰাৰ বাবে সংহত ব্যবস্থাও গ্রহণ কৰাৰ কথা মন্ত্রীগৰাকীয়ে ১৬ জুলাই, ২০১৪ত সদনত দিয়া এক বক্তব্যত উল্লেখ কৰিছে।
শেহতীয়াভাবে কেন্দ্রীয় প্রদূষণ নিয়ন্ত্রণ ব’র্ডে দেশখনত ৮৮ টা গুৰুতৰভাবে প্রদুষিত ঔদ্যোগিক মণ্ডল চিনাক্ত কৰিছে। এনে এলেকাৰপৰা বিষাক্ত উপাদান মাটি, পানী, বায়ু আদিত মিহলি হৈ মানুহ তথা পৰিবেশৰ প্রতি ভয়াবহ ভাবুকিৰ সৃষ্টি কৰাৰ পুৰামাত্রাই সম্ভাবনা আছে। এনেস্থলত ই-আবর্জনা ব্যবস্থাপনাৰ ক্ষেত্রত চৰকাৰে শীঘ্রেই কঠোৰ পদক্ষেপ গ্রহণ কৰাতো অত্যন্ত প্রয়োজনীয় হৈ পৰিছে।
ই-আবর্জনাৰ সমস্যা লাঘব কৰাৰ বাবে কেতবোৰ পৰামর্শৱলী তলত আগবঢ়োৱা হৈছেঃ
ক) উৎপাদনৰ উৎস পর্যায়তে পৰিবেশৰ ওপৰত প্রভাব নেপেলোৱা বা নুণ্যতম প্রভাব পেলোৱা প্রযুক্তি বা পদ্ধতিৰ প্রয়োগৰ ব্যবস্থা কৰা। যেনে নবীকৰণযোগ্য উপাদান ব্যবহাৰ, বহনক্ষম পণ্যদ্রব্যৰ ডিজাইন, বায়’ডিগ্রেডেবল পেকেজিঙৰ ব্যবস্থা ইত্যাদি।
খ) চৰকাৰী নীতিগত প্রণয়ন বা সংশোধন- যেনে বৈদ্যুতিন বা বৈদ্যুতিক সামগ্রীৰ আমদানী-ৰপ্তানিৰ ক্ষেত্রত স্পষ্ট নীতি গ্রহণ, বাই-বেক নীতি কার্যকৰীকৰণ, ই-আবর্জনাৰ অবৈধ নিস্পত্তিকৰণৰ ক্ষেত্রত কঠোৰ পদক্ষেপ গ্রহণ আৰু এনে আবর্জনা নিস্পত্তিকৰণ বা নবীকৰণৰ ক্ষেত্রত আন্তঃগাথনি গঢ়ি তোলাৰ বাবে সংহত নীতি গ্রহণ, জনসাধাৰণৰ মাজত ই-আবর্জনাৰ ভয়াবহতা সম্পর্কত সজাগতাৰ সৃষ্টি কৰাৰ বাবে প্রচাৰ অভিযান চলোৱা ইত্যাদি।
সামৰণিঃ
এটা কথা আমি নুই কৰিব নোৱাৰো যে বৈদ্যুতিন সামগ্রীৰ নির্মাণেই প্রযুক্তিগত বিকাশৰ মূল আধাৰ। তদুপৰি প্রযুক্তিৰ বিকাশে আৰু যথার্থ ব্যবহাৰেহে দেশ এখনক অর্থনৈতিক সুৰক্ষা দিব পাৰো। সেয়ে এই প্রক্রিয়া অব্যাহত ৰাখিবই লাগিব। কিন্তু প্রযুক্তি হ’ব লাগিব স্বচ্ছ আৰু বহনক্ষম। উপভোক্তা হ’ব লাগিব সচেতন আৰু দূৰদর্শী। তাৰ বাবে নবীকৰণযোগ্য শক্তিৰ ব্যবহাৰ, বিপজ্জনক ৰাসায়নিকৰ বিকল্পৰ ব্যবহাৰ, আবর্জনা নিষ্পত্তিকৰণ বা নবীকৰণৰ ক্ষেত্রত বৈজ্ঞানিক পদ্ধতিৰ অবলম্বন আদি বিষয় সততে গুৰুত্ব দিয়া উচিত। তদুপৰি বৈদ্যুতিন সামগ্রীৰ প্রতি থকা আমাৰ দৃষ্টিভঙ্গী কিছু সংশোধন কৰাতো খুবেই প্রয়োজনীয়।