
গুৱাহাটীঃ বিশিষ্ট মহিলা সমাজকৰ্মী তথা প্ৰাক্তন মুখ্যমন্ত্ৰী শৰৎ চন্দ্ৰ সিংহৰ পত্নী লাৱণ্যপ্ৰভা সিংহৰ বৃহস্পতিবাৰে মৃত্যু হয়৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৯১ বছৰ। মহানগৰীৰ বেলতলা লক্ষ্মী মন্দিৰৰ নিজ গৃহত মৃত্যুবৰণ কৰে লাৱণ্য প্ৰভাই৷ বিগত কেবা বছৰো ধৰি শয্যাগত হৈ আছিল তেওঁ৷
♦ দল-সংগঠনৰ শোক প্ৰকাশ
♦ শোক প্ৰকাশ মন্ত্ৰী হিমন্ত বিশ্বৰ
তিনি সন্তানৰ মাতৃ তথা প্ৰাক্তন মুখ্যমন্ত্ৰীৰ পত্নী লাৱণ্য প্ৰভাৰ চিকিৎসাৰ বাবে অৰ্থৰ অভাৱত পৰিছিল পৰিয়ালটো৷ কেবাটাও ৰোগত আক্ৰান্ত হৈ চিকিৎসা গ্ৰহণ কৰি আহিছিল লাৱণ্য প্ৰভাই৷ ইয়াৰ মাজতে যোৱা ২৭ আগষ্টত এগৰাকী পুত্ৰ জয়ন্ত সিংহৰো মৃত্যু হৈছিল।
মৃত্যুৰ সময়ত এগৰাকী পুত্ৰ, বোৱাৰী, নাতিসহ বহু শুভকাংক্ষীক এৰি থৈ যায় লাৱণ্যপ্ৰভাই৷ প্ৰাক্তন মুখ্য মন্ত্ৰীগৰাকীৰ পত্নীৰ মৃত্যুত ৰাজ্যৰ বিভিন্ন দল-সংগঠনে শোক প্ৰকাশ কৰিছে।
অসম চৰকাৰৰ বিত্ত, শিক্ষা, স্বাস্থ্য আদি বিভাগৰ মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মায়ো তেওঁৰ মৃত্যুত শোক প্ৰকাশ কৰিছে।এক শোকবাৰ্তাযোগে মন্ত্ৰীগৰাকীয়ে প্ৰয়াত লাবণ্য সিংহৰ বিদেহী আত্মাৰ চিৰ শান্তি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে।