
newsnextone.com | চাবুৱাঃ ডিব্ৰুগড় জিলাৰ বৃহত্তৰ চাবুৱা আঞ্চলত অবৈধ চুলাই আৰু লালিগুড়ৰ ৰমৰমীয়া ব্যৱসায় চলি থকাৰ অভিযোগ উত্থাপন হৈ আহিছে৷ যুৱ প্ৰজন্মক ধ্বংস কৰা এই বৰবিহ বন্ধ কৰাৰ বাবে দল-সংগঠন সমূহে দাবী জনাই অহাৰ পিছতেই আৰক্ষী-প্ৰশাসনে এই অভিযোগক গুৰুত্ব আৰোপ নকৰাৰ ক্ষোভ প্ৰকাশ কৰে চাবুৱা সমষ্টিৰ প্ৰাক্তন বিধায়ক ৰাজু চাহুৱে।
চাবুৱা অঞ্চলত কোনো অবৈধ ব্যৱসায় চলিব নিদিয়াৰ হুংকাৰ প্ৰদান কৰি প্ৰাক্তন বিধায়কগৰাকীয়ে কয় যে বৰ্তমান সময়ত চাবুৱা সমষ্টিত আমি দেখিছোঁ যে লালিগুড়ৰ ব্যৱসায় দিনক দিনে বৃদ্ধি হৈছে। যিবিলাক চৰকাৰী মহল আছিল সেই চৰকাৰী মহল বিলাক বন্ধ হৈ যোৱাৰ ফলত গাওঁ সমূহত চুলাই মদৰ ঘাটি বিলাক গঢ় লৈ উঠিছে।
ইমানে নহয় প্ৰাক্তন বিধায়ক চাহুৱে চাহ বাগিচা বিলাকৰ কিছুমান লাইনত চুলাই মদ নিৰ্মাণৰ ঘাটি নিৰ্মাণ কৰিছে বুলি অভিযোগ উত্থাপন কৰে। আমি ইতিমধ্যে অসম চাহ মজদুৰ সংঘই বিভিন্ন চাহ বাগিচাত চুলাই মদ বন্ধ কৰিবৰ কাৰণে সমিতি গঠন কৰি দিছোঁ। চৰকাৰৰ লগত যোগাযোগ কৰিছোঁ আৰু পুলিচ প্ৰশাসনৰ লগতোঁ যোগাযোগ কৰিছোঁ বুলি চাহুৱে কৈ তাৰ পিছতো চুলাই মদ যেনেকৈ বন্ধ হ’ব লাগিছিল তেনেকৈ বন্ধ হোৱা নাই বুলি গুৰুত্ৰ অভিযোগ উত্থাপন কৰে৷
মই ভাবো পুলিচ প্ৰশাসন আৰু আবকাৰী বিভাগে কমিচন লৈ এই মদৰ ভাটিসমূহ চলাই নিবলৈ সহায় কৰি থাকে। চুলাই মদ খাই চাহ মজদুৰসকলৰ একেবাৰে জৰাজীৰ্ণ এটা অৱস্থাৰ সৃষ্টি হৈছে। সেয়েহে চুলাই মদ অতি সোনকালে বন্ধ কৰিব লাগে৷ লালিগুড়ৰ ব্যৱসায় বন্ধ কৰিব লাগে আৰু অহা সময় বিলাকত চুলাই মদ সম্পূৰ্ণৰূপে যাতে বন্ধ হৈ যায় তাৰ কাৰণে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ অসম চাহ মজদুৰ সংঘৰ হৈ অসম চৰকাৰক আহ্বান জনায় বিধায় চাহুৱে।