
গোলকগঞ্জঃ "ঐ, তোৰ তলত কি আছে দে৷" পৰীক্ষা হ’লত এগৰাকী শিক্ষকে প্ৰথম গৰাকী পৰীক্ষাৰ্থীক তোৰ লগত কি আছে দে’ বুলি কৈ এখন কিতাপ উলিযায় নিয়ে৷ তোৰ তাঁত কি আছে দে’ বুলি কোৱাৰ লগে লগে দ্বিতীয়গৰাকী পৰীক্ষাৰ্থীয়েও শিক্ষকগৰাকীক এখন কিতাপ উলিযায় দিলে৷
আপুনি ভাবিব পাৰে যে এয়া বিহাৰৰ কোনো পৰীক্ষা হ’লৰ দৃশ্য চাগে৷ তেন্তে আপুনি ভূল ভাবিছে৷ এই দৃশ্য অসমৰ, ধুবুৰী জিলাৰ৷ ধুবুৰী জিলাৰ গোলকগঞ্জৰ বিৰাট নগৰ চাৰিআলিস্থিত জুনিয়ৰ কলেজ কেন্দ্ৰত অনুষ্ঠিত হোৱা সংস্কৃত টোলৰ পৰীক্ষাত কেমেৰাৰ সন্মুখতে এনেদৰে নকল কৰি ধৰা পৰিল পৰীক্ষাৰ্থী৷
সংস্কৃত টোলৰ পৰীক্ষাত কিতাপ লৈ পৰীক্ষাৰ্থীয়ে পৰীক্ষা দি থকা প্ৰত্যক্ষ কৰি শিক্ষকে কেইবাগৰাকী ছাত্ৰৰ পৰা কিতাপ উলিযায় আনে৷ কেমেৰাৰ সন্মুখতে এখন এখনকৈ তিনিখনকৈ কিতাপ ছাত্ৰৰ পৰা উলিযায় অনা সমস্ত দৃশ্য বন্দী হয় কেমেৰাত৷ আনহে নালাগে সংস্কৃত পৰীক্ষাত এনেদৰে নকলৰ পয়োভৰ হোৱাত জিলাখনত সৰ্বত্ৰে চাঞ্চল্যৰ সৃষ্টি হৈছে৷
শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পৰীক্ষা কেন্দ্ৰত চি চি টিভি কেমেৰা সংস্থাপনৰ দাবী কৰাৰ সময়তে সংস্কৃত টোলৰ পৰীক্ষাত নকলৰ পয়োভৰ দেখা গৈছে৷ ব্যাপক হাৰত পৰীক্ষাৰ্থীয়ে কিতাপ লগত লৈ পৰীক্ষা হলত বহাৰ অভিযোগ উত্থাপন হৈছে৷ কেৱল বিৰাট নগৰ চাৰিআলি কেন্দ্ৰতে নহয় জিলাখনৰ প্ৰায়বোৰ পৰীক্ষা কেন্দ্ৰত একেই পৰিৱেশ বুলি অভিযোগ উত্থাপিত হৈছে।