14
Oct
2018

www.newsnextone.com|গুৱাহাটীঃ মানকাচাৰৰ নিউ মাৰ্কেট ৰ কম্পিউটাৰ দোকানত মানকাচৰ আৰক্ষীয়ে দেওবাৰে পুৱা এক অভিযান চলাই বৃহৎ পৰিমাণৰ নিচাজাতীয় দ্ৰব্যৰ উদ্ধাৰ কৰাৰ লগতে মানকাচৰ থানাৰ ১ নং পূবে গাওঁ ৰ নুৰুল ইছলামৰ পুত্ৰ হুছেন আলম(জেম) নামৰ সৰবৰাহকাৰী জনক আটক কৰিবলৈ সক্ষম হয়।
মানকাচাৰ আৰক্ষীয়ে জানিব দিয়া মতে আজি ৰাতিপুৱা ৯.৩০ বজাত মানকাচাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ উত্তম মালাকাৰৰ নিৰ্দেশত থানাখনৰ উপ-পৰিদৰ্শক আজিজুল হক মণ্ডলে এক গোপন সুত্ৰৰ পম খেদি অভিযান চলায় আৰু কম্পিউটাৰ দোকানত মজুদ থকা Re.Kuff চিৰাপ ৬ বটল আৰু নিচাজাতীয় টেবলেট ১৭৬ জব্দ কৰিবলৈ সক্ষম হয়। আনহাতে অধিক তথ্য জানিবৰ বাবে আৰক্ষীয়ে যুৱকজনক জেৰা কৰিছে বুলি জানিব পৰা গৈছে৷