
নগাঁওঃ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সমাজ বিজ্ঞান বিষয়ৰ পৰীক্ষাত পুনৰ এগৰাকী পৰীক্ষাৰ্থীক অসৎ উপায় অৱলম্বন কৰাৰ বাবে পৰীক্ষা কেন্দ্ৰৰ পৰা বহিষ্কাৰ কৰা হয়।
জানিব পৰা মতে, নগাঁও জিলাৰ বটদ্ৰৱা শ্ৰী শ্ৰী শংকৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয় কেন্দ্ৰৰ পৰা বহিঃনিৰীক্ষকে অসৎ উপায় অৱলম্বন কৰাৰ অপৰাধত Roll-B18-606 NO.300 নম্বৰৰ পৰীক্ষাৰ্থীগৰাকীক পৰীক্ষা কেন্দ্ৰৰ পৰা বহিষ্কাৰ কৰে বুলি বিদ্যালয়খনৰ অধ্যক্ষই জানিবলৈ দিয়ে৷
ইতিমধ্যে অনুষ্ঠিত হৈ যোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সাধাৰণ গণিত আৰু অসমীয়া বিষয়ৰ পৰীক্ষাটো ক্ৰমে পাঁচ আৰু চাৰি গৰাকী পৰীক্ষাৰ্থীক অসৎ উপায় অৱলম্বন কৰাৰ হেতু বহিঃনিৰীক্ষকে পৰীক্ষা কেন্দ্ৰৰ পৰা বহিস্কাৰ কৰিছিল৷ কাজেই, বটদ্ৰৱাৰ দৰে ঐতিহ্যমণ্ডিত এখন ঠাইৰ শিক্ষানুষ্ঠানৰ পৰীক্ষা কেন্দ্ৰৰ পৰা ধাৰাবাহিকভাবে পৰীক্ষাৰ্থী নকল কৰাৰ অপৰাধত এনেদৰে বহিস্কৃত হোৱা ঘটনাই সচেতন মহলৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷