
দিশপুৰঃ ৰাজ্যখনত মুক্ত আৰু নিকা নিৰ্বাচন অনুস্থিত কৰাৰ উদ্দেশ্যে অসম ৰাজ্যিক নিৰ্বাচনী আয়োগে যোৱা ৪ ডিচেম্বৰ তাৰিখে প্ৰেছ বাৰ্তা নং ৪২৩ যোগে কিছুমান ক্ষেত্ৰত বাধা আৰোপ কৰিছে৷ সেই অনুসৰি আয়োগে অহা ৫ আৰু ৯ ডিছেম্বৰত অনুষ্ঠিত হ’বলগীয়া পঞ্চায়ত নিৰ্বাচন সংক্ৰান্তত গ্ৰহন কৰা মতামত, প্ৰতিদ্বন্দী দল বা প্ৰাৰ্থীৰ সম্ভাৱনা বিষয়ক ভৱিষ্যৱানী আলোচনা, নিৰ্বাচনী সমীক্ষা আদিৰ প্ৰচাৰৰ ক্ষেত্ৰত বাধা আৰোপ কৰিছে৷
আয়োগে অহা ৫ ডিচেম্বৰৰ পুৱা ৭ বজাৰ পৰা ৯ ডিচেম্বৰৰ আবেলি ৩.৩০ বজালৈ ছপা, বৈদ্যুতিন বা আন কোনো সাধ্যমৰ জৰিয়তে পঞ্চায়ত নিৰ্বাচন সংক্ৰান্তত গ্ৰহন কৰা মতামত,প্ৰতিদ্বন্দী দল বা প্ৰাৰ্থীৰ সম্ভাৱনা বিষয়ক ভৱিষ্যৱানী আলোচনা, নিৰ্বাচনী সমীক্ষা আদিৰ প্ৰচাৰৰ ক্ষেত্ৰত বাধা আৰোপ কৰিছে৷