
ডিজিটেল ডেস্কঃ অসম কন্যা বিদিশা বেজবৰুৱাৰ আত্মহত্যাৰ অনুসন্ধানত প্ৰকাশ পাইছে নতুন তথ্য। বুধবাৰে আৰক্ষীয়ে বিদিশাৰ স্বামী নিশিতক এদিনৰ বাবে জিম্মাত লোৱাৰ পিছতেই এতিয়া পোহৰলৈ আহিছে সত্য৷
উক্ত অনুসন্ধানত স্বামীৰ পৰকীয়া প্ৰেমৰ বাবে বিদিশা চিন্তান্বিত আছিল বুলি প্ৰকাশ পাইছে৷ বিগত বৰ্ষৰ এপ্ৰিলত বিবাহপাশত আবদ্ধ হোৱা বিদিশাৰ বিয়াৰ ৮ মাহ পিছতেই বৈবাহিক জীৱনত আৰম্ভ হৈছিল মনোমালিন্য৷
আনকি বিবাহ বিচ্ছেদ হোৱাৰ উপক্ৰমো হৈছিল৷ যিদিনা বিদিশাই আত্মহত্যা কৰে, সেই দিনা মুম্বাইত থকা বুলি মিছা মাতিছিল বিদিশাৰ স্বামী নিশিতে৷ উক্ত দিনা গোৱাত আছিল অভিযুক্ত৷
বিগত এমাহে নিশিতক বুজোৱাৰ বাবে দিল্লীলৈ মাতি আনিবলৈ চেষ্টা কৰিছিল বিদিশাৰ পৰিয়ালে৷ কিন্তু অহা নাছিল নিশিত৷ বিদিশাৰ পিতৃয়ে জনোৱা অনুসৰি আইআইএমছিৰ পৰা উৰ্ত্তীণ হৈ এটা ব্যক্তিগত প্ৰতিষ্ঠানত কৰ্মৰত হৈছিল জীয়ৰী বিদিশা৷ তাতেই লগ পাইছিল নিশিতক৷
সেই প্ৰেম বিবাহলৈ পৰিণত হৈছিল৷ সেই প্ৰতিষ্ঠানত কৰ্মৰত আন এগৰাকী যুৱতীৰ সৈতে নিশিতৰ প্ৰেমৰ সম্পৰ্ক আছে বুলি উল্লেখ কৰিছে বিদিশাৰ পিতৃয়ে৷
আৰক্ষীৰ আগত ৩ গৰাকী যুৱতীৰ সৈতে বন্ধুত্বৰ কথা প্ৰকাশ কৰিছে নিশিতে৷ আৰক্ষীয়ে অনুসন্ধানৰ বাবে জব্দ কৰিছে অভিযুক্তৰ ম’বাইল৷ এই ম’বাইলৰ সহায়তে এতিয়া উক্ত যুৱতীৰ সন্ধান উলিয়াব আৰক্ষীয়ে৷
(নৱভাৰত টাইমছৰ পৰা সংগৃহিত )