
গুৱাহাটীঃ আজি গুৱাহাটী প্ৰেছ ক্লাৱত ‘‘সন্ত্ৰাসবাদীৰ দ্বাৰ নিৰ্যাতিত পৰিয়ালৰ ন্যায় মঞ্চ’’ৰ উদ্যোগত এখন সংবাদমেলৰ অনুষ্ঠিত কৰা হৈছিল৷আজিৰ এই সংবাদমেলত মঞ্চৰ সভাপতি ব্ৰজেন হাজৰিকাই কয় যে চৰকাৰে নিৰ্যাতিত সকলক পুনৰ সংস্থাপন তথা আৰ্থিক সাহায্য প্ৰদানৰ কোনো ধৰনৰ ব্যৱস্থা হাতত লোৱা নাই। যাৰ ফলত নিৰ্যাতিত সকল আৰু তেঁওলোকৰ পৰিয়াল সমূহে ভয়ানক আৰ্থিক সংকটৰে দিন অতিবাহিত কৰিছে৷
সংবাদমেলখনত মঞ্চৰ সভাপতি ব্ৰজেন হাজৰিকাই অভিযোগ কৰে যে পৰিবৰ্তনকামী BJP চাৰকাৰে সন্ত্ৰাসবাদীৰ দ্বাৰ নিৰ্যাতিত লোকৰ পেঞ্চনবোৰো কৰ্তন কৰিলে। উল্লেখযোগ্য যে ১৯৯২ চনৰ তিনিজন আলফা নেতাই আৰক্ষীৰ হৈ চোৰংচোৱাগিৰি কৰাৰ অভিযোগত মংগলদৈৰ বাসগৃহৰ পৰা ব্ৰজেন্দ্ৰ কলিতা, যাদৱ চন্দ্ৰ কলিতা, নৱ বৰুৱা আৰু যোগেন্দ্ৰ ডেকা নামৰ মুঠ চাৰিজন যুৱকক অপহৰন কৰি নি নানা অত্যাচাৰ কৰি হত্যা কৰি অজ্ঞাত স্থানত পেলাই থৈ যায় কিন্ত সৌভাগ্য ক্ৰমে ৰক্ষা পৰিছিল ব্ৰজেন্দ্ৰ কলিতা নাম লোক জন।
উগ্ৰপন্থীৰ দ্বাৰা নিৰ্যাতিত ব্ৰজেন কলিতা
মৃত্যুৰ পৰা ৰক্ষা পৰিলেও চিৰদিনৰ বাবে ঘুনীয়া হৈ পৰে ব্ৰজেন্দ্ৰ কলিতা।এই ঘটনাৰ লগত জড়িত আলফা নেতা কেইজনৰ নাম আছিল নিতু শৰ্মা, মইনা চহৰীয়া , কৈলাশ বৰুৱা, তিলক শৰ্মা আৰু বিপিন চহৰীয়া। এই ঘটনাৰ পিছতে সেই সময়ৰ মূখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ নেতৃত্বধীন কংগ্ৰেছ চৰকাৰখনে ব্ৰজেন কলিতাক চিকৎসা প্ৰদান কৰাৰ লগতে ‘‘Ex gratia’’পেঞ্চন প্ৰদান কৰিছিল।
১৯৯৩ চনৰ পৰা নিয়মিত ভাৱে প্ৰতিমাহে কলিতাই পেঞ্চন লাভ কৰিছিল আৰু পৰৱৰ্তী সময়ত চৰকাৰে ধনৰ পৰিমান ১০০০ টকাৰ পৰা ৬০০০ টকালৈ বৃদ্ধি কৰে। কিন্ত অতি আচৰিত ভাৱে জাতি-মাতি-ভেটি ৰক্ষাৰ প্ৰতিশ্ৰুতিৰে ক্ষমতা দখল কৰা চৰকাৰখনে শাসনলৈ অহাৰ মাত্ৰ দুটা মাহৰ পিছতে এই পেঞ্চন বন্ধ কৰি দিয়ে । যাৰ ফলত চিৰ কাললৈ ঘুনীয়া ব্যক্তি জনৰ পৰিয়াললৈ নামি আহিছে ভয়াৱহ অন্ধকাৰ । অন্যহাতে আজিৰ এই সংবাদমেলত মঞ্চৰ সভাপতি ব্ৰজেন হাজৰিকাই কৈযে চৰকাৰে নিৰ্যাতিত পৰিয়ালক সকলক পুনৰ সংস্থাপন তথা আৰ্থিক সাহায্য প্ৰদানৰ কোনো ধৰনৰ ব্যৱস্হা হাতত লোৱা নাই । যাৰ ফলত পৰিয়াল সমূহে ভয়ানক আৰ্থিক সংকটৰে দিন অতিবাহিত কৰিছে। আনহাতে যিসকল সন্ত্ৰসবাদীয়ে নিৰ্যাতন নীৰিহ মানুহৰ ওপৰত নিৰ্যাতন চলাইছিল চৰকাৰে সেই সকলৰ নামত কোটি টকা অপচয় কৰাত ব্যস্ত হৈ পিৰিছে। সেয়ে শান্তিৰ জড়িয়তে আলফা সমস্যাৰ সমাধান কৰি নিৰ্যাতিত পৰিয়াল সকলোক সংস্থাপধৰ দাবী উত্থাপন কৰে ।