গুৱাহাটীঃ আকৌ অসমীয়াৰ পদূলিলৈ আহিল বাপতি সাহোন ৰঙালী বিহু৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৰঙালী বিহু উদযাপনৰ প্ৰস্তুতি ইতিমধ্যে আৰম্ভ হৈছে৷ ঢকুৱাখনাৰ চাৰিকড়ীয়া নৈৰ পাৰত ঐতিহ্যমণ্ডিত ফাটবিহু উদযাপনৰ বাবেও সোমবাৰৰ পৰা প্ৰস্তুতি আৰম্ভ হ’ল৷ এইবেলিও ঐতিহ্যমণ্ডিত ফাটবিহুত জনসমুদ্ৰত পৰিণত হ’ব৷ চাৰিকড়ীয়াৰ পাৰৰ জাতি-জনগোষ্ঠীয়ে সমন্বয়-সম্প্ৰীতিৰে ফাটবিহুক পালন কৰি আহিছে৷

অসমৰ লোক সংস্কৃতিৰ আপুৰুগীয়া সম্পদস্বৰূপ ঢকুৱাখনাৰ ফাটবিহু উৎসৱ-২০১৮ উদযাপনৰ বাবে ইতিমধ্যে ৰাইজ একত্ৰিক হ’বলৈ আৰম্ভ কৰিছে। চাৰিকড়ীয়া নৈ পাৰৰ ‌ম’হঘূলি চাপৰিত ফাটবিহু উৎসৱ উদযাপনৰ সমিতিৰ উদ্যোগত এখন সভা অনুষ্ঠিত হৈ যায়৷ এই সভাতে ফাটবিহু উৎসৱ উদযাপনৰ সমিতি গঠন কৰা হৈছে। বিভিন্ন জাতি-জনগোষ্ঠীৰ সমন্ৱয়-সম্প্ৰীতিৰ মিলন ভূমিত পৰিণত হোৱা ফাট বিহুত

ফাটবিহু বাকৰিত ফাটবিহু সমিতিৰ সভাপতি প্ৰদীপ চমুৱাৰ সভাপতিত্বত অনুষ্ঠিত ৰাজহুৱা সভাত ভদ্ৰ গগৈক সভাপতি আৰু চন্দ্ৰজিৎ শইকীয়াক সম্পাদক হিচাপে লৈ ৪১ জনীয়া উদযাপন সমিতি গঠন কৰা হয়। প্ৰাণজিৎ শইকীয়া, পল্লবীতা বৰুৱা আৰু ৰাজা বৰুৱাক উপ-সভাপতি, প্ৰদীপ হাজৰিকাক, অৰুণজ্যোতি কলিতা আৰু বনশ্যাম গগৈক সহকাৰী সম্পাদক, কৈলাশ দত্ত কোষাধ্যক্ষ, অৰুণ চমুৱা, মোহিনী মোহন শইকীয়া আৰু দিপাংকৰ পাতিৰক প্ৰচাৰ সম্পা‌দক, বিশ্বনাৰায়ণ বুঢ়াগোহাঁই আৰু হিৰণ্য কুমাৰ দাসক কাৰ্যালয় সম্পা‌দক হিচাপে লৈ সমিতি খন গঠন কৰা হয়। 

সভাত ২০১৮-২১ চনৰ ফাটবিহু স্থায়ী সমিতি খনো গঠন কৰা হয়। প্ৰদীপ চমুৱাক সভাপতি আৰু নৰ গগৈক সম্পাদক হিচাপে লৈ ২১ জনীয়া সমিতিখন গঠন কৰা হয়। তিনিবছৰীয়া ফাটবিহু সমিতিৰ মঞ্জু গগৈক উপ-সভানেত্ৰী, ৰঞ্জিত সন্দিকৈক বিত্ত সম্পাদক, দেৱেন গগৈ আৰু দীপক দাসক সাংগঠনিক সম্পাদক, চন্দ্ৰজিৎ শইকীয়াক কাৰ্যালয় সম্পাদক, মুকুল গগৈক সহকাৰী সম্পাদক সম্পাদক হিচাপে লৈ স্থায়ী সমিতি গঠন কৰা হয়। এইবেলি ২৭, ২৮ আৰু ২৯ ব’হাগত, ১১, ১২ আৰু ১৩ মে’ত ঢকুৱাখনাবাসীয়ে ফাটবিহু উদযাপন কৰিব৷