গুৱাহাটীঃ দিল্লীত NRC সন্দৰ্ভত অনুষ্ঠিত এখন সভাত জমিয়ত উলেমা-ই-হিন্দৰ সভাপতি আৰ্শ্বাদ মাদানিয়ে অসম জ্বলিব, জ্বলাব আৰু মাৰিব, মৰিব বুলি কৰা মন্তব্যৰ বিৰুদ্ধে ৰাজ্যত তীব্ৰ প্ৰতিক্ৰিয়া অব্যাহত থকাৰ সময়তে বিশিষ্ট চিন্তাবিদ ড০ হীৰেন গোহাঁইক হত্যা কৰিব লাগে ফেচবুকুত মন্তব্য কৰাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়৷ অজিত সোণোৱাল নামৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে ড০ হীৰেন গোঁহাইক হত্যাৰ আহ্বান কৰে৷ যুৱক জন ধেমাজীৰ বুলি উল্লেখ আছে টাইমলাইনত।

অজিত সোণোৱাল নামৰ ধেমাজীৰ যুৱকজনে মঙলবাৰে নিজৰ ফেচবুকৰ টাইমলাইনত আপডেট দি কয় "অসমত বৰ্তমান এজন নাথুৰামৰ প্ৰয়োজন। সেই ছাগলীৰ আৰু Gohain K হত্যা কৰিবলৈ"৷ আপডেট দিয়াকৰ পিছতে বহু লোকে চেয়াৰ কৰে আপডেতটো৷ কিছুসময়ৰ পিচতে ফেচবুকৰ আপডেটতো ভাইৰেল হৈ পৰে। দিল্লীত ড০ গোঁহাই উপস্থিত থক এখন সভাত জমিয়তৰ সভাপতি মৌলানা আৰ্শ্বাদ মাদানীয়ে NRCত অসমৰ সংখ্যালঘূ সকলৰ নাম নাথাকিলে অসম ৰক্তাক্ত হ'ব বুলি মন্তব্য দিছিল৷

জমিয়ত উলেমা-ই-হিন্দৰ সৰ্বভাৰতীয় সভাপতি আৰ্শ্বাদ মাদানী আৰু বিশিষ্ট চিন্তাবিদ ড০ হীৰেন গোহাঁইৰ বিৰুদ্ধে গুৱাহাটী মহানগৰীৰ এগৰাকী সমাজকৰ্মীয়ে এজাহাৰ দাখিল কৰাৰ পিছতে ধেমাজীৰ যুৱকজনে কোনোবা নাথুৰামে আহি ড০ গোঁহাইক হত্যা কৰক বুলি ফেচবুকত আপডেট দিয়ে৷ স্মৰ্তব্য যে, সোমবাৰে দিল্লীত অনুষ্ঠিত এখ বিশেষ সভাত অংশ গ্ৰহণ কৰি উলেমা-ই-হিন্দৰ সৰ্বভাৰতীয় সভাপতি আৰ্শ্বাদ মাদানীয়ে  NRCত প্ৰায় ৩০ লাখ মানুহৰ নাম বাদ পৰিলে মাৰিব, মৰিব, জ্বলাব, জ্বলিব বুলি মন্তব্য প্ৰকাশ কৰিছিল৷

উক্ত সভাত ৰাজ্যৰ কেইবাগৰাকী বুদ্ধিজীৱী, সাংবাদিক উপস্থিত থকাৰ লগতে বিশিষ্ট চিন্তাবিদ ড০ হীৰেন গোহাঁই উপস্থিত আছিল৷ প্ৰায় ত্ৰিশ লাখ লোক NRCৰ পৰা বাদ পৰিলে পৰিস্থিতি ম্যানমাৰৰ দৰে হোৱাৰ আশংকা ব্যক্ত কৰে মাদানীয়ে৷ অসমৰ মাটি-পানীৰ সৈতে কোনো সম্পৰ্ক নথকা অসমৰ সমস্যাৰ হৈ কোনো দিনে মাত এষাৰ নিদিয়া মাদানীৰ এই মন্তব্যৰ পিছতে ৰাজ্যৰ দল-সংগঠন জাঙুৰ খাই উঠে৷ পৰিস্থিতি ম্যানমাৰৰ দৰে হোৱাৰ আশংকা ব্যক্ত কৰিবলৈ মাদানী কোন বুলিও একাংশ লোকে প্ৰশ্ন কৰে৷

ৰাজ্য দল-সংগঠনে ক্ষোভিত হৈ পৰিছে এই মন্তব্যৰ বিৰুদ্ধে৷ ৩১ ডিচেম্বৰত NRCৰ খচৰা প্ৰকাশৰ আগমুহূৰ্তত একাংশ লোকে পৰিবেশ বিনষ্ট কৰিব বিছৰা বুলি অভিযোগ উত্থাপন হৈ থকাৰ সময়তে এনে মন্তব্যই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৰাজ্য খনত৷ সাম্প্ৰদায়িত মন্তব্যৰ জৰিয়তে শংকৰ-আজানৰ দেশত সংঘাট সৃষ্টি কৰিব খোজা বুলিও অভিযোগ উত্থাপন হৈছে৷ দিল্লীৰ Constitution Clubত Delhi Action Committee for Assamৰ উদ্যোগত সোমবাৰে অনুষ্ঠিত এখন বিশেষ সভাত অসমৰ কেইবাগৰাকী বুদ্ধীজীৱী-সাংবাদিকৰ উপস্থিতিত জমিয়ত উলেমা-ই-হিন্দৰ সৰ্বভাৰতীয় সভাপতি আৰ্ছাদ মাদানিয়ে উপস্থিত থাকি সাম্প্ৰদায়িক মন্তব্য কৰা কাৰ্যক সহজে লব পৰা নাই ৰাজ্য খনৰ দল-সংগঠন তথা ৰাইজে৷

সভা খনত সততে চৰকাৰৰ বিৰুদ্ধে থিয় দি সমালোচনা কৰা সাংবাদিক মনজিৎ মহন্ত, বিশিষ্ট চিন্তাবিদ ড০ হীৰেন গোহাঁই, শিক্ষাবিদ ড০ অপূৰ্ব বৰুৱা, সাংবাদিক হাইদৰ হুছেইন, কোকৰাঝাৰৰ সাসংদ নৱ শৰনীয়া, হাফিজ ৰছিদ আহমেদ চৌধুৰী, আব্দুল মান্নানকে ধৰি অসমৰ কেইবাগৰাকী বিশিষ্ট লোক উপস্থিত আছিল৷ দুদিন পূৰ্বে কৃষক নেতা অখিল গগৈক সাক্ষাৎ কৰিব আহি সাক্ষাতৰ অনুমতি নাপায় তীব্ৰ ক্ষোভিত হৈ পৰা কৃষক নেতা সাংসদ ড০ সুনীলম, নিউ ছ’চিয়েলিষ্ট ইনিচিয়েটিভৰ নেতা ড০ নবীন চন্দৰ, চিপিআই(এএম)ৰ সাধাৰণ সম্পাদক সীতাৰাম য়েচুৰী, সমাজকৰ্মী যোগেন্দ্ৰ যাদব, অধ্যাপক অপূৰ্বানন্দ সহিতে দেশৰ কেইবাগাৰকী আগশাৰীৰ সমাজকৰ্মী উপস্থিত আছিল৷