
নগাঁওঃ নগাঁও জিলাৰ হাতীচোং মৌজাৰ অন্যতম অগ্ৰণী শিক্ষানুষ্ঠান কুজিদাঁহ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ফুটবল দলে ৫৮ সংখ্যক সুব্ৰত কাপ আন্তঃৰাষ্ট্ৰীয় ফুটবল টুৰ্নামেন্টত খেলাৰ যোগ্যতা অৰ্জন কৰিছে৷ ইতিমধ্যে সামৰণি পৰা দেউকণ ট্ৰফী আন্তঃজিলা স্কুল ফুটবল টুৰ্নামেন্টত চেম্পিয়ন হোৱাৰ সুবাদত এই যোগ্যতা শিক্ষানুষ্ঠানখনে এইবাৰ লাভ কৰিবলৈ সক্ষম হৈছে৷
এই ফুটবল দলটোক অধিক উৎসাহ আৰু প্ৰেৰণা যোগোৱাৰ অৰ্থে শুক্ৰবাৰে হাতীচোং আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত এক অভিনন্দন অনুষ্ঠান অনুষ্ঠিত কৰা হয়৷
এই মৰ্মে কুজিদাঁহ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হোৱা এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটোত সদৌ নগাঁও জিলা ছাত্ৰ সন্থাৰ সভাপতি অভিজিৎ দাস, বিদ্যালয়ৰ অধ্যক্ষ দীপা বৰাকে প্ৰমুখ্য কৰি বিদ্যালয়ৰ সমূহ শিক্ষক-শিক্ষয়িত্ৰী আৰু হাতীচোং আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়-ববীয়াসকল উপস্থিত থাকি দলটোৰ সকলো সদস্যকে অভিনন্দন জনাই উৎসাহিত কৰে৷ অনুষ্ঠানটিৰ আঁত ধৰে হাতীচোং আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি নিপন শৰ্মাই৷