গৌৰীসাগৰঃ আজি শিৱসাগৰ জিলাৰ আমগুৰি বিধান সভা সমষ্টিৰ অন্তৰ্গত ভাৰতীয় জনতা পাৰ্টিৰ গৌৰীসাগৰ মণ্ডল যুৱ মৰ্চাৰ উদ্যোগত আৰু মণ্ডল সমিতিৰ সহযোগত  সমূহ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সফলতা কঢ়িয়াই অনা কীৰ্তি ছাত্র ছাত্রী সকলক আনুষ্ঠানিকভাৱে  সম্বৰ্ধনা জনোৱা হয়।

দিখৌমুখৰ মিলিত শিল্পী সমাজৰ প্রেক্ষাগৃহত পূৱা পতাকা উত্তোলন কাৰ্য্যসূচীৰে আৰম্ভ হোৱা অনুষ্ঠানত আন্তঃৰাষ্ট্রীয় যোগ দিৱসৰ দিনটোৰ লগত সংগতি ৰাখি আনুষ্ঠানিক যোগাসনতো ভাগ লয় সকলোৱে।

অভিনন্দন অনুষ্ঠানটোত উপস্থিত থাকে যোৰহাট লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্রসাদ তাচা, শিৱসাগৰ জিলা সমিতিৰ ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি ভবেন্দ্র নাথ মোহন, ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক মহিলা  সভানেত্রী সুৰভি ৰাজকুমাৰী, অসম ৰাজ্যিক ক্রীড়া সন্থাৰ সভাপতি পোনাৰাম মিলিৰ প্ৰমুখ্যে বিশিষ্ট ব্যক্তি।

 দিখৌমুখ মহাবিদ্যালয়ৰ প্রাক্তন অধ্যক্ষ মণিৰাম শইকীয়াই সভাপতিত্ব কৰা সভাত সাংসদ তাচাই সকলো ছাত্র-ছাত্রীকে আব্দুল কালামৰ জীৱন আদৰ্শৰে আগুৱাই যাবলৈ আহ্বান জনায়।পুথিগত শিক্ষাই প্রকৃত শিক্ষা নহয় ,যি  নিজৰ দেশৰ ৰীতি-নীতি, পৰম্পৰা, সংস্কৃতি, ঐতিহ্য , ইতিহাস নাজানে সি প্রকৃত অৰ্থত কেতিয়াওঁ মেধাবী  হ'ব নোৱাৰে, প্রকৃত অৰ্থত মেধাবী হ'বলৈ হ'লে সামগ্রিক শিক্ষাৰে শিক্ষিত হ'ব লাগিব।এনেদৰে কয় ভবেন্দ্ৰ নাথ মোহনে।