মঙলদৈঃ জনসেৱাৰ পৰিবৰ্তে তোষামোদৰ ৰাজনীতিত ব্যস্ত এতিয়া মন্ত্ৰী-বিধায়ক৷ দলৰ নেতাৰ আদৰ্শ প্ৰতিষ্ঠা কৰাৰ বাবে ৰাজ্যত স্থাপন হ’বলগীয়া মহাবিদ্যালয়ৰ নাম নিজ দলৰ নেতাৰ নামত কেনেকৈ কৰিব পৰা যায় তাক লৈহে এতিয়া ব্যস্ত দল-চৰকাৰ৷ ৰাজ্য চৰকাৰখনে এতিয়া যেন জনবিৰোধী কামেৰে বিতৰ্কিত থাকিহে ভাল পায়৷ নিজৰ বিভাগ চলোৱাত ব্যৰ্থ হোৱা মন্ত্ৰী সকলে এক প্ৰকাৰ সমস্যাৰ পৰা পলায়ণ কৰিছে৷

বিমুদ্ৰাকৰণৰ বাবে দেশৰ ৰাজকোষ উদং হোৱাৰ ফলত ৰাইজ তথা উন্নয়ণৰ কামৰ পৰা মন্ত্ৰী-বিধায়কে দুৰে দুৰে থকা বুলি অভিযোগ উত্থাপিত হৈ আহিছে৷ ৰাজ্যত একালৰ দক্ষ মন্ত্ৰী হিচাপে বুকু ফিন্দাই থকা স্বাস্থ্য আৰু শিক্ষা মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এতিয়া হয়তো দক্ষ মন্ত্ৰী হিচাপে দাবী কৰিব নোৱাৰিব৷ কিয়ণো মন্ত্ৰীগৰাকীৰ বিভাগত এতিয়া জনসেৱাৰ বাবে পৰ্যাপ্ত সা-সুবিধা নোহোৱাত ৰোগীয়ে হাহাকাৰ কৰিব লগা হয়৷

তাৰ মাজতে দৰং জিলাৰ এগৰাকী প্ৰসূতিয়ে এম্বুলেঞ্চৰ অভাৱত মৃত্যুক আকোৱালি ল’ব লগা হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে দৰং জিলাত৷ দৰং জিলাৰ মঙলদৈ চহৰৰ সমীপৰ ১নং গেৰিমাৰীৰ সবিতা কবিৰাজ নামৰ প্ৰসূতিগৰাকীৰ প্ৰসৱৰ সময় হোৱাত যন্ত্ৰনাত ছটফটাবলৈ ধৰে৷ পৰিয়ালৰ লোকে চিকিৎসালয়ত প্ৰসূতিগৰাকীকক আনিবলৈ ১০৮ এম্বুলেঞ্চ সেৱাত ফোন কৰে যদিও ফোন নধৰাত বিপদত পৰে পৰিয়ালটোৱে৷

কিছু সময় পাছতে প্ৰসূতিগৰাকীয়ে ঘৰতে এটি সন্তান জন্ম দিয়ে৷ প্ৰসূতিগৰাকীৰ পেটত আৰু সন্তান থকাৰ সন্দেহ কৰে পৰিয়ালে৷ পাছত উপায়বিহীন হৈ পৰিয়ালটোৱে এখন ঠেলাৰে প্ৰসূতিগৰাকীক প্ৰায় চাৰি কিঃ মিঃ অতিক্ৰম কৰি মঙলদৈ অসামৰিক চিকিৎসালয়লৈ লৈ আহে৷

মঙলদৈ অসামৰিক চিকিৎসালয়ত চিকিৎসক নাৰ্ছ নথকাত চিকিৎসাৰ অভাৱত প্ৰায় ডেৰ ঘন্টা সময় ছটফটাব লগা হয় প্ৰসূতিগৰাকী৷ একপ্ৰকাৰ চিকিৎসালয় কৰ্তৃপক্ষৰ অৱহেলাৰ বাবে নিশা ১২ বজাত গুৱাহাটীৰ জি এম চি এইচলৈ প্ৰেৰণ কৰে যদিও আদবাটতে প্ৰসূতিগৰাকীৰ মৃত্যু হয়৷

জানিব পৰা মতে প্ৰসূতিগৰাকীৰ পেটত আৰু এটি সন্তান আছিল৷ স্বাস্থ্য বিভাগৰ প্ৰকৃত স্বৰূপ উদঙাইছে এই হৃদয় বিদাৰক ঘটনাই। আনহাতে প্ৰসূতিগৰাকীয়ে ঘৰতে জন্ম দিয়া সন্তানটো সুস্থ হৈ থকা বুলি জানিব পৰা গৈছে।