internet
internet

ডিজিটেল ডেস্কঃ ২০১৪ চনৰ ২ অক্টোবৰ গান্ধী জয়ন্তীৰ দিনটোতেই আৰম্ভণি হৈছিল নিকা ভাৰত গঢ়াৰ সপোন। নৰেন্দ্ৰ মোডীয়ে মহাত্মা গান্ধীৰ সপোনৰ ভাৰত গঢ়াৰ লক্ষ্যৰে আৰম্ভ কৰিছিল এই স্বচ্ছ ভাৰত অভিযানৰ। আজি তৃতীয়টো বৰ্ষত ভৰি দিলে এই অভিযানে। কিন্তু আজিকোপতি সম্পূৰ্ণৰূপে সফল কৰিব পৰা নাই গান্ধীৰ স্বচ্ছ ভাৰতৰ সপোন।

আজি দিল্লীস্থিত বিজ্ঞান ভৱনত অনুষ্ঠিত হোৱা স্বচ্ছ ভাৰত অভিযানৰ অনুষ্ঠানত মোডীয়ে নিকা ভাৰত গঢ়াৰ ক্ষেত্ৰত বিফল হোৱাৰ কথা অকপটে স্বীকাৰ কৰে৷

স্বচ্ছ ভাৰত গঢ়াৰ ক্ষেত্ৰত বিফল মোডীয়ে বিফলতাৰ কাৰণ দৰ্শাই ভাষণত কয়, ‘‘আমি এহাজাৰ জন মহাত্মা গান্ধী, লাখ জন নৰেন্দ্ৰ মোডী অথৱা কোনো চৰকাৰে অকলেই ভাৰতবৰ্ষৰ দৰে এখন বিশাল দেশক নিকা কৰিব নোৱাৰো। আমি তেতিয়াহে লক্ষ্যত সফল হম, যেতিয়া দেশৰ সমগ্ৰ ১২৫ কোটি জনসাধাৰণ এক গোট হৈ এই কামত আগবাঢ়ি আহিম।’’ 

মোডীয়ে ইয়াকো উল্লেখ কৰে যে মিডিয়া আৰু চিভিল ছ’চাইটিৰ সদস্যই যদি এই ক্ষেত্ৰত সহযোগিতা আগবঢ়ায়, তেন্তে স্বচ্ছ ভাৰতৰ এই অভিযান আৰু ক্ষিপ্ৰতৰ হৈ উঠিব।

আনহাতে মোডীয়ে দেশৰ জনগনক অনুৰোধ কৰি কয় যে উপদেশতকৈ আৰ্হি শ্ৰেষ্ঠ৷ উপদেশ দিবলৈ হাজাৰ জন ওলাব কিন্তু সেইজনহে প্ৰকৃত লোক যিয়ে উপদেশ নিদি নিজে হাতে কামে লাগি ভাৰতক এখন স্বচ্ছ দেশ হিচাপে গঢ়ি তুলিবলৈ চেষ্টা কৰিব৷