প্ৰতিকী ফটো
প্ৰতিকী ফটো

ডিজিটেল ডেস্কঃ উজু ঋণ কাকনো নালাগে। কিন্তু সেই উজু ঋণৰ বাবে যদি নিজৰ নগ্ন ফটো বিচাৰে? তাতকৈ ঘৃণনীয় আন কিবা প্ৰস্তাৱ হ’ব পাৰেনে? এনেই এটা ভুৱা প্ৰতিষ্ঠানত ৮ জুনৰ নিশা তালাচী চলাই উৎখাত কৰিবলৈ সক্ষম হৈছে থানে আৰক্ষী। 

মুম্বাই চহৰৰ থানে আৰক্ষীৰ অপৰাধ শাখাই চলোৱা এই অভিযানত অম্বৰনাথৰ আনন্দ নগৰ এলেকাস্থিত এই বৃহৎ বিপিঅ’টো উৎখাত কৰিবলৈ সক্ষম হয়।

এটা ঔদ্যোগিক বিল্ডিঙত কাৰ্যালয় থকা ৰেকন এণ্টাৰপ্ৰাইজ নামৰ ভুৱা প্ৰতিষ্ঠানটোৱে বহুদিনৰে পৰা মাৰ্কিন যুক্তৰাষ্ট্ৰৰ গ্ৰাহকক উজু ঋণৰ প্ৰলোভন দি প্ৰবঞ্চনা কৰি আহিছিল।

বৃহৎ অংকৰ ঋণ দিবলৈ বেংকৰ কৰ্মচাৰী পৰ্যন্ত ভাও ধৰা এই প্ৰতিষ্ঠানটোৱে প্ৰস্তাৱিত ঋণৰ বিনিময়ত ঋণৰ ৰাশিৰ ১০ৰ পৰা ৩০ শতাংশ ৰাশি আগধন হিচাপে লৈ প্ৰৱঞ্চনা কৰা এই প্ৰতিষ্ঠানটোৱে আনকি গ্ৰাহকৰ নগ্ন ফটোও বিচাৰিছিল।

কল চেণ্টাৰটোৰ আনকি মাৰ্কিনস্থিত এজেণ্টো আছে। শৈক্ষিক ঋণ, উইকেণ্ড ঋণ আদি নানা লোভনীয় ঋণৰ প্লেনো আছিল এই ভুৱা প্ৰতিষ্ঠানটোৰ।