
গুৱাহাটীঃ বিদেশী বহিস্কাৰৰ দাবীত ৰূপায়ন কৰা ৬ বছৰীয়া অসম আন্দোলনত বহু অসমীয়া ডেকাই অকালতে প্ৰাণ দিছিল। অসম চুক্তি হ’ল আৰু চুক্তি মতে দীৰ্ঘ সময়ৰ অন্তত উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপত এন আৰ চি প্ৰস্তুতৰ বাট মুকলি হ’ল। এনআৰচিৰ প্ৰথম খন খছৰা প্ৰকাশ হোৱাৰ লগতে পূৰ্ণাংগ খছৰা প্ৰকাশৰ বাবে দ্ৰুত গতিত পৰীক্ষণৰ কাম চলি আছে।
দেশৰ শীৰ্ষ আদালতে এনআৰচি সন্দৰ্ভত অসম চৰকাৰৰ ওপৰত সময়ে সময়ে হেঁচা প্ৰয়োগ কৰি আহিছে৷ অন্যথাই হয়তো আৰু এশ বছৰলৈ এনআৰচি প্ৰস্তুত নহ’লহেতেন। ঐতিহাসিক অসম আন্দোলনৰ ৮৫৫ গৰাকী শ্বহীদৰ কেঁচা তেজৰ বিনিময়ত পোৱা এন আৰ চিৰ প্ৰথমখন খচৰা ইতিমধ্যে ২০১৭ চনৰ ৩১ ডিচেম্বৰত প্ৰকাশ পায়।
অসমৰ খিলঞ্জীয়া জনসাধাৰণে আশা কৰিছিল ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ জৰিয়তে অসমত থকা বিদেশী চিনাক্ত হ’ব আৰু অসম বিদেশী মুক্ত হ’ব৷ কিন্তু কিমান নিকা আৰু স্বচ্ছতাৰে প্ৰকাশ হল প্ৰথমখন খচৰা৷ এই প্ৰশ্ন এতিয়া সকলোৱে উত্থাপন কৰিবলৈ আৰম্ভ হৈছে৷
এন আৰ চিৰ কামত নিয়োজিত একাংশ দ্বায়িত্বজ্ঞানহীন বিষয়া-কৰ্মচাৰীৰ বাবেই ৰাজ্যৰ কেইবাঠাইতো আদালতে বিদেশী বুলি ঘোষণা কৰা লোকৰ নাম সন্নিৱিষ্ট হোৱাৰ দৰে ঘটনা পোহৰলৈ আহিছে৷ তাৰ মাজতে যোৱা ০৪ এপ্ৰলিত অসমৰ এটি সংগঠনে ৰাজ্যৰ স্পৰ্শকাতৰ জিলা হিচাপে চিহ্নিত দুখন জিলাত জন্ম আৰু মৃত্যুৰ প্ৰমাণ পত্ৰক লৈ ব্যাপক ব্যৱসায় চলি থকাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰে৷ নিশাৰ ভিতৰতে জন্ম-মৃত্যুৰ প্ৰমাণ পত্ৰ লাভ কৰা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে অসমীয়া যুৱ মঞ্চই৷
যোৱা ০৪ এপ্ৰিলত গুৱাহাটী প্ৰেছ ক্লাৱত সংবাদমেল অনুষ্ঠিত কৰি এই অভিযোগ উত্থাপন কৰে অসমীয়া যুৱ মঞ্চই। অভিযোগ অনুসৰি ৰাজ্যৰ দুখন স্পৰ্শকাতৰ জিলা হিচাপে চিহ্নিত বৰপেটা আৰু কাছাৰ জিলাত এনআৰচিৰ পঞ্জীয়নৰ নামত অনিয়ম সংঘটিত হৈ আহিছে৷
অসমীয়া যুৱ মঞ্চৰ প্ৰধান সচিব জিতুৰ ডেকাই বৰপেটা ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ লগতে আন কেইবাখনো চিকিৎসালয়, চিকিৎসা কেন্দ্ৰত ধনৰ বিনিময়ত ভুৱা জন্ম-মৃত্যুৰ প্ৰমাণ পত্ৰ দি একাংশ স্বাস্থ্য বিভাগৰ লোকে দি অহা বুলি অভিযোগ উত্থাপন কৰে।
বৃহৎ ভুৱা জন্ম-মৃত্যুৰ প্ৰমাণ পত্ৰৰ চিণ্ডিকেটৰ সৈতে ডা০ ৰমেন্দু চৌধুৰী নামৰ এজন লোক জৰিত বুলি কয়। ডা০ ৰমেন্দু চৌধুৰীয়ে ২০১৪-২০১৬ চনত বৃহৎ অকংৰ ধনৰ বিনিময়ত মুঠ ৭১০০ খন ভুৱা প্ৰমাণ পত্ৰ বিতৰণ কৰিছে বুলি সংগঠনটোৱে স্পষ্ট কৰে। এন আৰ চি উন্নীতকৰণৰ কাম চলি থকাৰ সময়তে জন্ম-মৃত্যুৰ ভুৱা প্ৰমাণ পত্ৰৰ বিতৰণৰ অভিযোগে যোৱা ৩০ ঘণ্টা ধৰি ব্যাপক চৰ্চা লাভ কৰিছে৷
বিষয়টো সন্দৰ্ভত অসমীয়া যুৱ মঞ্চয় উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী উত্থাপন কৰিছে যদিও বিজেপি শাসিত ৰাজ্য চৰকাৰে বিশেষ গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন হৈছে৷ এতিয়া প্ৰশ্ন হ’ল সংগঠনটোৱে উত্থাপন কৰা গুৰুত্বপূৰ্ণ অভিযোগটোক গুৰুত্ব প্ৰদান কৰিবনে চৰকাৰে৷ চৰকাৰে শীঘ্ৰে তদন্তৰ বাবে সমিতি গঠন কৰিবনে৷ তাকে লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে৷