
বালিপৰাঃ শোনিতপুৰ জিলাৰ বালিপৰাৰ বৰপাটগাঁৱত ৰাইজৰ ৰোষত পৰিল ভণ্ড বেজ৷ হাতত ভাগৱত, ত্ৰিশূল, কালীৰ নাগ লৈ বেজালি কৰিবলৈ আহি বেজ বন্দী হবলগীয়া হ’ল ৰাইজৰ হাতত৷ ঘটনা অনুসৰি বৰপাটগাঁৱৰ এটি তেনেই দৰিদ্ৰ পৰিয়ালে ঘৰুৱা সুখ শান্তি কামনা কৰি গাঁওখনলৈ প্ৰায়ে অহা বেজ জনৰ শৰণাপন্ন হয়৷
ভণ্ড বেজ জনেও পৰিয়ালটোৰ অন্ধবিশ্বাসৰ সুবিধা লৈ এটি তাবিজ প্ৰদান কৰি ৪৫০০ টকা দাবী কৰে৷ ঘৰুৱা সুখ শান্তি আশা কৰি অন্ধবিশ্বাসী পৰিয়ালটোৱেও আনৰ পৰা সুদলৈ আনি বেজ জনক ধন খিনি আদায় দিয়ে৷ ইয়াৰ পাছতে নিজকে মায়ঙৰ বেজ বুলি পৰিচয় দিয়া ভণ্ড বেজ জন অন্তৰ্ধান হৈ পৰে৷
কিন্তু বহুদিনৰ পাছত আজি পুনৰ নতুন কাষ্টমাৰৰ আশাত বেজ জন একেখন গাঁৱৰে আন এঘৰত উপস্থিত হোৱাত জোলোঙাৰ মেকুৰী ওলাই পৰে৷ নিজকে মায়ঙৰ বুলি পৰিচয় দিয়া ভণ্ড বেজ জন প্ৰকৃততে খাৰুপেটিয়াৰহে৷
ৰাইজৰ হাতত বন্দী হোৱা ভণ্ড বেজ জনে শেষত আলী উপাধিৰ বুলি স্বীকাৰ কৰাৰ লগতে ধন ঘটাৰ বাবেই ৰাইজৰ অন্ধ বিশ্বাসৰ সুযোগ লৈ এই বৃত্তি গ্ৰহণ কৰিছে বুলি স্বীকাৰ কৰে৷ ৰাইজে ভণ্ড বেজক উত্তম মাধ্যম শোধাই পাছত আৰক্ষীক গটাই দিয়ে৷