
কোকিলা/তেজপুৰঃ এটি মোবাইল ফোনৰ লোভত আনৰ হৈ পৰীক্ষা দিবলৈ আহি জেলৰ ভাত খালে মণিৰুল ইছলাম নামৰ যুৱক এজনে৷ বঙাইগাঁৱৰ মাণিকপুৰত আনৰ হৈ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ কম্পাৰ্টমেণ্টেল পৰীক্ষা দিবলৈ আহি আৰক্ষীৰ জালত পৰে মণিৰুল ইছলাম নামৰ এজন যুৱক।
ছফিকুল নামৰ এগৰাকী পৰীক্ষাৰ্থীৰ হৈ পৰীক্ষা দিবলৈ আহিছিল মণিৰুল ইছলামে। ৰূপজ্যোতি হাইস্কুলৰ ৰোল-১৭০০৬, নং-০৩২৪ নম্বৰৰ ছাত্ৰ আছিল ছফিকুল। নিৰীক্ষকৰ সন্দেহ ওপজাত পৰীক্ষাৰ্থীজনক জেৰা কৰাত ভুৱা পৰীক্ষাৰ্থী বুলি স্বীকাৰ কৰে মণিৰুল ইছলামে।
হাতে-লোটে ধৰা পৰা পৰীক্ষাৰ্থী জনক নিৰীক্ষকে মাণিকপুৰ আৰক্ষীক গতাই দিয়ে। আৰক্ষীয়ে আনৰ হৈ পৰীক্ষা দিবলৈ অহা মণিৰুল ইছলামক জেৰা অব্যাহত ৰাখিছে। জানিব পৰা মতে, মাত্ৰ এটা মোবাইলৰ বিনিময়ত অবৈধ ভাবে পৰীক্ষা দিবলৈ আহিছিল মণিৰুলে। প্ৰকৃত পৰীক্ষাৰ্থী ছফিকুলে পুণেৰ এটি ব্যক্তিগত খণ্ডৰ কোম্পানীত কাম কৰি আছে৷
আনহাতে, আজি তেজপুৰতো ভুৱা পৰীক্ষাৰ্থী আটক হয়। তেজপুৰ ৰাষ্ট্ৰভাষা বিদ্যালয়ত মানৱ খাখলাৰী নামৰ পৰীক্ষাৰ্থীজনৰ হৈ পৰীক্ষা দিবলৈ আহে আন এজন যুৱকে৷ হিন্দী পৰীক্ষা দিবলৈ আহি ধৰা পৰে চুন্দম বসুমতাৰি নামৰ যুৱকজন।