
মোৰাঝাৰঃ ৰাজ্যত ওলাইছে ভুৱা ডাক্টৰ, ভুৱা কবিৰাজ৷ পিছে এইবাৰ ওলাল ভুৱা বেজো৷ ডিঙিত বনৰীয়া গছৰ গুটিমালা পিন্ধি মুখেৰে কিবাকিবি বিৰবিৰাই বেজে চলায় বেজালি৷ মানুহৰ অন্ধবিশ্বাসৰ সুযোগ লৈ একাংশ ভণ্ড বেজে এনেদৰেই লুটি লৈ যায় ধন৷ পিছে এইবাৰ বেজৰ পিঠিত পৰিল ৰাইজৰ ঔ-কিল৷ বেজালিৰে ধন সৰকাই বাকী থকা টকা নিবলৈ আহি ভুৱা বেজ বন্দী হ’ল ৰাইজৰ হাতত।
হোজাইৰ বৰহোলাত সংঘটিত হৈছে এই আজব ঘটনা৷ যোৱা ১৫ আগষ্টত চিকিৎসালয়লৈ যাওঁ বুলি ঘৰৰ পৰা ওলাই সন্ধানহীন হৈছিল বৰহোলাৰ এগৰাকী মহিলা৷ পৰিয়ালৰ লোকে কাষ চাপিছিল আৰক্ষীৰ৷ তেনেতে ঘটনাৰ খবৰ পাই পৰিয়ালটোৰ কাষত থিয় দিছিল লংকাৰ লস্কৰ পথাৰৰ কাঁচিম আলি নামৰ স্বয়ম্ভু বেজগৰাকী। বেজে পৰীক্ষা কৰি পৰিয়ালৰ লোকক জনাইছিল ডিমাপুৰৰ এটা চক্ৰই অপহৰণ কৰি নিছে মহিলাগৰাকীক। তেওঁ উদ্ধাৰ কৰি দিব পাৰিব৷ কিন্তু তাৰ বিনিময়ত পৰিয়ালে ভৰিব লাগিব এক লাখ টকা।
মহিলাগৰাকীক উভটাই অনাৰ স্বাৰ্থত অন্ধবিশ্বাসৰ বলি হৈ পৰিয়ালটোৰ লোকে লগে লগে বেজক পৰিশোধ কৰিছিল ৩৫ হাজাৰ টকা। আৰম্ভ হৈছিল বেজৰ বেজালি৷ বেজৰ বেজালি চলিয়েই আছিল, তেনেতে পুনৰ নিজে নিজে ঘৰত উপস্থিত হ’ল সন্ধানহীন হোৱা মহিলাগৰাকী। পৰিয়ালৰ লোকে বেজক এই খবৰ নিদিয়াকৈ পুনৰ যোগাযোগ কৰিলে বেজৰ লগত৷ বেজে আকৌ দিলে একেটাই উত্তৰ- ডিমাপুৰৰ এটা অপৰণকাৰী চক্ৰৰ কবলত আছে মহিলাগৰাকী, আৰু তেওঁৰ উদ্ধাৰৰ প্ৰচেষ্টা অব্যাহত আছে। তাৰোপৰি বেজে বিছাৰিলে অনাদায়কৃত ৬৫ হাজাৰ টকা। লগে লগে পৰিয়ালটোৱে বেজক টকা নিবৰ বাবে নিজৰ ঘৰত মাতি আনিলে আৰু তাৰ পিছতেই আৰম্ভ হল বেজৰ বিলৈ। শেষত ৰাইজৰ উত্তম মাধ্যমত বেজে স্বীকাৰ কৰিলে ভুৱা বেজালিৰ কথা৷ বিগত চাৰি বছৰ ধৰি চলায় আছে হেনো ভণ্ড বেজগিৰি৷ প্ৰবঞ্চনাৰে ঘটিছে বহু টকা৷
আনহাতে ভণ্ড বেজৰ এনে কৰ্ম কাণ্ডত ক্ৰোধিত ৰাইজে ভণ্ড বেজৰ ডিঙিত জোতাৰ মালা পিন্ধাই উচিত বিচাৰ কৰিব লওঁতে অৱশেষত আৰক্ষী উপস্থিত হৈ ভণ্ড বেজক আটক কৰি নিজৰ জিম্মাত লয়।