
newsnextone.com। লিডুঃ তিনিচুকীয়া জিলাৰ তালাপত দেওবাৰে সেনা-আৰক্ষীয়ে অভিযান চলাই আটক কৰে দুই ভুৱা আলফা সদস্যক৷
ধৃত ভুৱা আলফা দুজন ক্ৰমে বিতোপন নেওগ আৰু গৌৰিকান্ত মৰাণ বুলি জানিব পৰা গৈছে৷ তালাপ বালিবজাৰৰ এজন ব্যৱসায়ীক আলফা(স্বা)ৰ নামত ধনদাবী দাবী কৰা ধন নিবলৈ অহাৰ পথত ব্যক্তি দুজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়৷
ধৃত দুই ব্যক্তিৰ পৰা আৰক্ষীয়ে এটা পইণ্ট ২২ পিষ্টলসহ দুই জাই সজীৱ গুলি উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ ভুৱা আলফা সদস্য দুজনৰ ঘৰ কাকপথাৰৰ বৰালি গাৱঁত বুলি জানিব পৰা গৈছে ৷