17
Jun
2017

ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী মোদীক লৈ যেন উৎসাহৰ অন্ত নাই অনুৰাগীৰ মাজত৷ কোটিটকীয়া জেকেটৰ পিছত এইবাৰ পুনৰ মোদীক অনুৰাগীয়ে দিয়া উপহাৰে সমগ্ৰ দেশতে খলকনিৰ সৃষ্টি কৰিছে৷
গুজৰাটৰ ২৫ বৰ্ষীয়া খুচবু ডাবড়াই প্ৰধানমন্ত্ৰীগৰাকীক উপহাৰ দিছে প্ৰায় ৩৫০ কিলোগ্ৰামৰ এখন ছবি৷ ভাৰতৰ মেপখনৰ মাজত যুৱতী গৰাকীয়ে অংকন কৰিছে মোডীৰ মুখাবয়ব৷ কেৱল সুতা আৰু মনকাৰে যুৱতীগৰাকীয়ে অংকিত কৰিছে এই ফটোখন৷
এই ছবিখন বনাবলৈ প্ৰায় ৮৫০ ঘন্টাৰ প্ৰয়োজন হৈছে যুৱতীগৰাকীক৷ মহিলাৰ সমস্যাৰ প্ৰতি প্ৰধানমন্ত্ৰীগৰাকীয়ে বিশেষ গুৰুত্ব আৰোপ কৰা বাবেই উক্ত ছবিখন নিৰ্মাণ কৰিছে বুলি উল্লেখ কৰে যুৱতীগৰাকীয়ে৷ বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰীক উক্ত উপহাৰ নিজ হাতেৰে আগবঢ়াই খুচবুয়ে৷