
নলবাৰীঃ ৰাজ্য চৰকাৰে ৰাজ্য খনৰ যুৱকক স্বাৱলম্বী কৰাৰ বাবে কৃষি ক্ষেত্ৰত গুৰুত্ব দিয়াৰ কথা ঘোষণা কৰি আহিছে৷ কৃষি খণ্ডৰ উন্নয়ণৰ বাবে ন’ ন’ আঁচনি লৈ চৰকাৰ খনে কৃষকৰ উন্নয়ণ সাধনৰ চেষ্টা কৰাৰ সময়তে আজি অসম চৰকাৰৰ কৃষি বিভাগৰ ৰাজ্যিক সঞ্চালক জুৰি ফুকনে নলবাৰী জিলা কৃষি বিভাগৰ কাৰ্যালয়ত উপস্থিত হয়।
হঠাৎ এনেদৰে কৃষি সঞ্চালক ফুকন উপস্থিত হোৱাত নলবাৰী কৃষি বিভাগত এক হাহাকাৰময় অৱস্থাৰ সৃষ্টি হয়। প্ৰাক্তন কংগ্ৰেছী কৃষি মন্ত্ৰী তথা আঢ়ৈ টকীয়া মন্ত্ৰী হিচাপে খ্যাত নীলমণি সেন ডেকাৰ কাৰ্যকালৰ পৰা নলবাৰী জিলা কৃষি বিভাগত জিলা খনৰ কৃষকক বঞ্চিত কৰি এচাম বিষয়া-কৰ্মচাৰীয়ে কংগ্ৰেছী দালাল চক্ৰৰ দ্বাৰাই মাথো দূৰ্নীতি-অনিয়মৰে লুন্ঠন চলোৱাৰ ৰাজহুৱা অভিযোগ আছে।
ইয়াৰ উপৰিও বিগত সময়চোৱাত চন্দ্ৰমোহন পাটোৱাৰী কৃষি মন্ত্ৰী হৈ থকা সময়ত বহুত দূৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ আছে৷ আনহাতে নলবাৰী জিলা কৃষি বিভাগৰ কাৰ্যবাহী অভিযন্তা মৌচুমী দাসৰ বিৰুদ্ধে অসম চৰকাৰৰ কৃষি মন্ত্ৰী অতুল বৰাই দিয়া নিৰ্দেশৰ ভিত্তিত আজি তদন্ত কৰিবলৈ উপস্থিত হৈছিল ৰাজ্যিক সঞ্চালক ফুকনে। পিছত জিলা কাৰ্যালয়ৰ বিষয়া সকলৰ লগত আলোচনাত মিলিত হয়।
অভিযোগ অনুসৰি অভিযন্তা মৌচুমী দাসে কেইদিনমান পূৰ্বে তেওঁৰ শাখাৰ এগৰাকী পুৰুষ কৰ্মচাৰীক নানা ধৰণে অপদস্থ কৰাৰ লগতে মাৰপিট কৰিছিল। নিৰ্যাতিত কৰ্মচাৰী গৰাকীৰ লগতে জিলা কৃষি বিভাগৰ সচেতন বিষয়া-কৰ্মচাৰীয়ে অভিযন্তা মৌচুমী দাসে চলোৱা নিৰ্যাতনৰ বিষয়টো উচিত তদন্ত কৰিবলৈ দাবী জনাইছিল বিভাগৰ সঞ্চালক গৰাকীৰ ওচৰত। অৱশেষত আজি বিভাগৰ সঞ্চালক জুৰি ফুকনে তদন্ত কৰে বিষয়টো।
ইয়াৰ পিছতে কৃষি বিভাগৰ সঞ্চালক ফুকনে নলবাৰীৰ মৈৰাদঙাৰ শংকৰদেৱ কৃষি ফাৰ্মখন পৰিদৰ্শন কৰে। জিলা কৃষি বিষয়া হোমেশ্বৰ কলিতা, যুটীয়া সহ সঞ্চালক ডম্বৰুধৰ পাটোৱাৰীৰ সৈতে গৈ ফাৰ্মখন পৰিদৰ্শন কৰি আপ্লুত হয় আৰু বিভাগৰ তৰফৰ পৰা সকলো সা সুবিধা প্ৰদান কৰিব বুলি সঞ্চালক গৰাকীয়ে আশ্বাস দিয়ে।
শেষত সাংবাদিকৰে মতবিনিময়ত কৃষি সঞ্চালক জুৰি ফুকনে কয় যে, ৰাজ্যৰ সকলো বিষয়া কৰ্মচাৰীয়ে মিলা প্ৰীতিৰে কাম কাজ কৰিলে আৰু স্বচ্ছ ভাবে কৰিলে কৃষকৰ উন্নয়ন নিশ্চিত হ’ব বুলি দোহাৰে। তেওঁ আকৌ কয়, ৰাজ্যৰ ধান খেতিত ধৰা শুৰ পোক প্ৰতিৰোধ কৰাৰ বাবে সকলো সামগ্ৰী তথা ঔষধ মজুত আছে বিভাগত। পৰ্যায়ক্ৰমে ব্যৱস্থা কৰি থকা হৈছে বুলিও দোহাৰে কৃষি বিভাগৰ ৰাজ্যিক সঞ্চালক জুৰি ফুকনে।