
তিনিচুকীয়াঃ আহিনৰ নিয়ৰৰ টোপাল ওলমি সূৰ্যৰ পোহৰত মুকুতা মুকুতা হেন জিলিকি থাকিবলৈ কৃষকৰ হেপাঁহৰ ধাননিডৰা এইবেলি নাথাকিব৷ হয়তো নাথাকিব সোণগুটি চপোৱাৰ আনন্দ, পথাৰত কলপাতত নিমখ, জলকীয়াৰে ৰবাব টেঙাৰ জুতি লোৱাৰ মাদকতা, খেতিয়ক পাহোৱাল ডেকাই ধানৰ ডাঙৰী বন্ধাৰ চলেৰে দাৱনীক জোকোৱাৰ নিভাজ মৰমসনা মাত আৰু হয়তো ভোগালীৰ উচাহ উদ্দীপনা৷
কাৰণ ৰাজ্যজুৰি বলীয়া বানে খেতিপথাৰ তচনচ কৰি থৈ যোৱাৰ ঠিক পাছমুহূৰ্ততে কেউফালে শুৰপোকে ত্ৰাসৰ সৃষ্টি কৰি খাটিখোৱা খেতিয়কৰ ককাঁলত থিয় গোৰ শোধালে৷ কি উজনি কি নামনি সকলোতে তাণ্ডৱলীলা৷ পুৱা লহপহীয়াকৈ দেখি থকা কঠীয়াডৰা গধুলি উদং৷ তিনিচুকীয়া জিলাৰ প্ৰায় দহসহস্ৰাধিক বিঘা মাটিত শুৰপোকে অভিযান চলাই তহিলং কৰা বাতৰি এই নিউজ নেক্সট ওৱানৰ পাতত সবিস্তাৰে প্ৰকাশ পাইছিল৷
এনেকি ৰজাঘৰীয়াৰ তৰফৰ পৰা কীটনাশক দ্ৰব্য যোগান ধৰা হৈছিল যদিও মূৰকত সেয়া এপাচি শাকত এটা জলকীয়া লেখীয়া হে হ'লগৈ৷ সেয়ে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ জয়জয় ময়ময় যাত্ৰা অব্যাহত থকা স্বত্বেও কাকপথাৰৰ আয়তী সকলে পুৰণি কলীয়া ৰীতি নীতিকে সাৰথি কৰি আই সকাম পাতি শুৰপোকৰ পকা পৰিত্ৰাণ পাবলৈ সেৱা আগবঢ়ায়৷ তদুপৰি উন্নত জাতৰ ধান যেনে বাহাদুৰ, ৰঞ্জিত, মণিৰামৰ তুলনাত থলুৱা ধানৰ কঠীয়াৰ সঁচত পোকে কম আক্ৰমণ কৰাত "নতুনক পাই পুৰণিক পাহৰা" ফল এয়া বুলি বুঢ়া-মেথাসকলে মন্তব্য কৰিছে৷
লক্ষণীয় কথাটো হ'ল যে শুৰপোকৰ আক্ৰমণৰ ফলশ্ৰুতিত ধানৰ উৎপাদন হ্ৰাস হোৱাত যিহেতু জিলাখনৰ জনসংখ্যাৰ বেছিভাগেই কৃৃষিৰ ওপৰত নিৰ্ভৰশীল সেয়ে আগন্তুক দিনত চাউলৰ নাঁটনিয়ে দেখা দিয়াৰ আশংকা আৰু মধ্যভোগীয়ে চাউলৰ দাম বৃদ্ধি পাব বুলি শংকিত হৈ তিনিচুকীয়াবাসী ৰাইজে চৰকাৰ প্ৰশাসনৰ হস্তক্ষেপ কামনা কৰিছে৷