ডিজিটেল ডেস্কঃ আত্মহত্যাও হ’ব পাৰে নেকি একপ্ৰকাৰৰ ফেশ্বন? কেতিয়াও নোৱাৰে৷ কিন্তু শেহতীয়াকৈ কেন্দ্ৰীয় নগৰ উন্নয়ন মন্ত্ৰী ভেংকয়া নাইডুৰ এক মন্তব্যই এনে এটা উদ্ভৎ প্ৰশ্নৰে প্ৰাসংগিকতা আনি দিছে৷

বম্বে ষ্টক এক্সচেঞ্জৰ এক ৰাজহুৱা সন্মিলনত ২২ জুনত নাইডুৱে কয় যে কৃষিঋণ ৰেহায় দিয়াটো একপ্ৰকাৰ ফেশ্বনৰ দৰে হৈ পৰিছে৷   \

মুৰৰ ঘাম মাটিত পেলাই সোণগুটি সিঁচা কৃষকে আশানুৰূপ শস্য অথবা উৎপাদিত শস্যৰ উচিত মূল্য নাপাই ৰাজপথত প্ৰতিবাদ কৰি শেষত মৃত্যুক সাৱতি লোৱাৰ ঘটনাই দেশত তোলপাৰ লগাই থকাৰ সময়তে এনে এক স্পৰ্শকাতৰ মন্তব্য কৰিছে মন্ত্ৰীগৰাকীয়ে৷

তাৎপৰ্যৰ কথা যে জুন মাহতে ৪৫ জনতকৈও অধিক কৃষকে ঋণ পৰিশোধ কৰিব নোৱাৰি অত্যাধিক মানসিক চাপৰ ফলত আত্মহত্যা কৰাৰ ঘটনাৰ প্ৰতিবেদনে দেশজুৰি তোলপাৰ লগাইছে৷ মধ্য প্ৰদেশতে ২০ টাকৈ এনে মৰ্মন্তুদ ঘটনা ঘটাৰ পিছতে মহাৰাষ্ট্ৰ, উত্তৰ প্ৰদেশ, ৰাজস্থান, পাঞ্জাৱ আৰু তামিলনাডুতো একেধৰণৰ ঘটনা পোহৰলৈ অহা বুলি জানিবপৰা গৈছে৷

নাইডুৰ মন্তব্যৰ সমালোচনাত চিপিএম নেতা সীতাৰাম য়েচুৰীয়ে কয় যে বিগত তিনি বছৰত প্ৰায় ৪০ হাজাৰ কৃষকে আত্মহত্যা কৰাৰ সময়ত এনে মন্তব্য অসন্মানজনক।

শেহতীয়াকৈ পাঞ্জাৱ আৰু কৰ্ণাটকে কৃষি ঋণৰ এটা অংশ ৰেহায় দিয়াৰ সিদ্ধান্ত লোৱাৰ প্ৰসংগতে এনেদৰে কয়। অৱশ্যে এতিয়াও উচিত মূল্য আৰু ঋণ ৰেহায়ৰ বাবে কৃষকে ৰাজপথলৈ ওলাই অহাৰ সময়তে এনেদৰে কেন্দ্ৰীয় মন্ত্ৰী এগৰাকীৰ মন্তব্যই বিষয়টোৰ প্ৰতি বিজেপি চৰকাৰখনৰ দৃষ্টিভংগী বুজাত অসুবিধাৰ সৃষ্টি কৰিছে৷

অৱশ্যে নিৰ্বাচনী ইস্তাহাৰত ক’বৰ দৰে যোগী আদিত্যনাথে সামান্য পৰিমাণে হ’লেও কৃষকৰ ঋণৰ এটা অংশ ৰেহায় দিয়াৰ বাবে সিদ্ধান্ত লৈছে৷

উল্লেখ্য যে বৃহস্পতিবাৰে মধ্যপ্ৰদেশৰ বুন্দেলখণ্ড দুগৰাকী কৃষকে আত্মহত্যা কৰাৰ পিছত ৰাজ্যখনত আত্মহত্যা কৰা কৃষকৰ সংখ্যা ১৭ জনলৈ বৃদ্ধি পাইছে৷ মাত্ৰ দহদিনৰ ভিতৰতে এনেদৰে ১৭ জনকৈ কৃষকৰ আত্মহত্যাই বিষয়টো গুৰুতৰ কৰি তুলিছে।

ইপিনে মুম্বাইৰ নেৱালিত প্ৰস্তাৱিত প্ৰতিৰক্ষা বিভাগৰ বিমান বন্দৰ স্থাপনক লৈ কৃষকৰ বিক্ষোভে হিংসাত্মক ৰূপ লয়। কেবা শতাধিক কৃষকে অংশগ্ৰহণ কৰা প্ৰতিবাদী কাৰ্যসূচীত উত্তেজিত কৃষকৰ আৰক্ষীৰ সৈতে সংঘৰ্ষত আৰক্ষীকে ধৰি মুঠ ২৪ জন লোক আহত হোৱাৰ লগতে সাংবাদিক দুজনো আহত হোৱাৰ খবৰ পোৱা গৈছে। উত্তেজিত কৃষকে আৰক্ষীৰ চাৰিখনকৈ বাহনত অগ্নিসংযোগ কৰে।