
newsnextone.com | মোৰাঝাৰঃ বানত ক্ষতিগ্ৰস্ত দৰিদ্ৰ কৃষকে আত্মহত্যা কৰাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে হোজাই জিলাত৷ হোজাই জিলাৰ মোৰাঝাৰৰ ডিমৰূপাৰৰ হিফজুৰ ৰহমান নামৰ কৃষক জনে বানত কৃষিভূমি হেৰুৱাই আত্মহত্যা কৰা বুলি জানিব পৰা গৈছে৷
কিছু দিন পূৰ্বে হোজাই জিলাত মথাউৰি ছিঙি বানৰ কৱলত পৰি কৃষকগৰাকীয়ে কেইবা বিঘা কৃষি ভূমি বিনষ্ট হয়৷ খেতিপথাৰ পানীত ডুব গৈ সকলো হেৰুৱাই চিন্তাত দিন পাৰ কৰিছিল খেতিয়কজনে৷ হিফজুৰ ৰহমানৰ কেইবা বিঘা মাটি সম্পূৰ্ণৰূপে ডুব গৈ নষ্ট হৈছিল। পৰিয়ালৰ লোকে জানিবলৈ দিয়া মতে, বান পানীৰ পিছৰে পৰা মানসিক ভাৱে ভাগি পৰিছিল লোকজনে৷
শুকুৰবাৰে নিশা কৃষকজনে ঘৰৰ সমীপত এডাল গছত চিপলৈ আত্মহত্যা কৰে। শুকুৰবাৰৰ সন্ধিয়াৰ পৰা নিখোজ হৈ থকা কৃষকজনক শনিবাৰে দুপৰীয়া একাংশ লোকে মৃতদেহ উদ্ধাৰ কৰে৷ স্থানীয় ৰাইজে আৰক্ষীক খবৰ দিয়াত আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰে। দেশৰ বিভিন্ন প্ৰান্তত বিভিন্ন সমস্যাৰে যুঁজ দি থকা বহু খেতিয়কে আত্মহত্যা কৰাৰ দৰে ঘটনা সংঘটিত হৈ অহাৰ সময়তে অসমত কৃষকে আত্মহত্যা কৰিবলগীয়া হোৱাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।