ৰঙিয়া/তুলসীবাৰীঃ বৰলুইতৰ পাৰৰ এমুঠি সৌন্দৰ্য্য বিকশিত কৰিবলৈ বৰলুইত সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত তথা আইদেউ টকীজ অসমৰ সহযোগত এখনি সৌন্দৰ্য্য প্ৰতিযোগিতা অনুষ্ঠিত হয়। ৰঙিয়াত ৯ ছেপ্তেম্বৰত মিষ্টাৰ এণ্ড মিছ বৰলুইত প্ৰতিযোগিতা অনুষ্ঠিত হোৱা সৌন্দৰ্য্য প্ৰতিযোগিতাখনত অংশ গ্ৰহণ কৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ প্ৰায় ৪০ গৰাকী যুৱক-যুৱতীয়ে৷

ৰঙিয়াৰ হৰদত্ত-বীৰদত্ত ভৱন প্ৰাংগণত অনুষ্ঠিত প্ৰতিযোগিতাখনৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে ৰঙিয়া পৌৰসভাৰ পৌৰপতি দৈবকী বড়োৱে৷

ভৰত ডেকা আৰি পংকজ শৰনীয়াই আয়োজন কৰা সৌন্দৰ্য্য প্ৰতিোগিতাখনত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে সাংস্কৃতিক কৰ্মী পংকজ পল্লব শৰ্মা, অভিনেতা প্ৰণৱ কুমাৰ ডেকা, মানবেন্দ্ৰ শৰ্মা ছোৱালী মহাবিদ্যালয়ৰ প্ৰবক্তা তথা বিশিষ্ট সংগীতশিল্পী অপৰাজিতা শৰ্মা, কলিতা জনগোষ্ঠী ছাত্ৰ সন্থাৰ ভাস্কৰ কলিতা, কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ নয়ন তালুকদাৰ, গৰিয়া যুৱ পৰিষদৰ মতিউৰ ৰহমানৰ লগতে ছাত্ৰ নেতা ছফিকুল হাছান৷

উক্ত অনুষ্ঠানতে শ্ৰেষ্ঠ প্ৰতিযোগী হিচাপে নিৰ্বাচিত হোৱা সৌৰভ শইকীয়া আৰু প্ৰণিতা দত্তক মিষ্টাৰ এণ্ড মিছ বৰলুইত সন্মানেৰে বিভূষিত কৰা হয় বুলি আয়োজক পংকজ শইকীয়া আৰু ভৰত ডেকাই সদৰী কৰিছে৷