ডিজিটেল ডেস্কঃ মাৰধৰ কৰাৰ ফলত মৃত্যু হৈছিল উত্তৰ প্ৰদেশৰ বিজেপি বিধায়কৰ বিৰুদ্ধে গণ ধৰ্ষণৰ অভিযোগ উত্থাপন কৰা মহিলাৰ পিতৃগৰাকীৰ৷ মৰণোত্তৰ পৰীক্ষাৰ ৰিপৰ্টত এই কথা প্ৰকাশ পায়৷ শৰীৰৰ ১৪ স্থানত আঘাতৰ চিন পোৱাৰ লগতে আঘাতৰ চিন সমূহ প্ৰায় ৬-৭ দিনৰ পুৰণি বুলি কয় চিকিৎসকে৷ 

উত্তৰ প্ৰদেশৰ উন্নাৱৰ এগৰাকী মহিলাই বিজেপি বিধায়ক কুলদ্বীপ সিঙৰ বিৰুদ্ধে সহযোগীৰ সৈতে লগলাগি গণ ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন কৰে৷ তাৰ পিছতে যোৱা ০৭ এপ্ৰিলত মহিলা আৰু মহিলাৰ পৰিয়ালে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথৰ লক্ষ্নৌৰ আৱাসৰ সন্মুখত আত্মহত্যা কৰাৰ চেষ্টা চলাই৷ আত্মহত্যা চেষ্টা চলোৱাত আৰক্ষীয়ে তেওঁলোকক আটক কৰি থানাত ৰাখিছিল যদিও নিশা মৃত্যু হৈছিল গণ ধৰ্ষণৰ অভিযোগ উত্থাপন কৰা মহিলাৰ পিতৃৰ৷ 

আনহাতে উত্তৰ প্ৰদেশৰ এম এল শৰ্মা নামৰ অধিবক্তাগৰাকীয়ে আদালতত এখন আবেদন দাখিল কৰি পৰিয়ালটোক আৰ্থিক সাহায্য দিয়াৰ লগতে ঘটনাৰ চিবিআইৰ তদন্ত কৰাৰ দাবী জনায়৷ অধিবক্তা এম এল শৰ্মাই ঘটনাৰ উচিত তদন্ত নকৰাৰ অভিযোগ উত্থাপন কৰে৷ 

আদালতত আবেদনকাৰী অধিবক্তাই কয় ‘‘এই ঘটনাই এটা বছৰ অতিক্ৰম কৰিলে৷ কিন্তু আৰক্ষীয়ে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই৷ গণ ধৰ্ষণৰ স্বীকাৰ হোৱা মহিলাৰ পিতৃক বেয়াকৈ মাৰধৰ কৰি জেলত বন্ধ কৰি ৰাখিছিল৷ ৫ দিন পিছত মহিলাৰ পিতৃৰ মৃত্যু হয়৷ ঘটনাৰ তদন্ত চিবিআইয়ে কৰক আৰু পৰিয়ালটোক সাহায্য দিয়ক৷’’ 

আনহাতে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে উত্তৰ প্ৰদেশ চৰকাৰক পত্ৰ প্ৰেৰণ কৰি আৰক্ষীৰ জিম্মাত মৃত্যুৰ কাৰণ জানিব বিচাৰে৷ ঘটনা সন্দৰ্ভত ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে উত্তৰ প্ৰদেশ চৰকাৰৰ পৰা ঘটনাৰ তথ্য বিচাৰে৷

মৰণোত্তোৰ পৰীক্ষাৰ ৰিপৰ্ট মতেও লোকগৰাকীক বেয়াকৈ মাৰধৰ কৰাৰ প্ৰমাণ পোৱা গৈছে৷ শৰীৰৰ ১৪ স্থানত আঘাতৰ চিন পোৱাৰ লগতে আঘাতৰ চিন সমূহ প্ৰায় ৬-৭ দিনৰ পুৰণি বুলি কয়৷ এই ঘটনাৰ সৈতে জৰিত থকাৰ অভিযোগত বিজেপি বিধায়কৰ ভাতৃ অতুল সিং সহ আন তিনিজন লোকক আটক কৰে৷ ইয়াৰ পিছতে অভিযুক্ত বিজেপিৰ বিধায়ক কুলদ্বীপ সিঙক এতিয়ালৈ আটক কৰা নাই যদিও ভাতৃক আটক কৰিছে নে নাই সেই কথা জানিব বিচাৰে মহিলাই৷ 

বিধায়কৰ ভাতৃয়ে তেওঁৰ জীৱন ধ্বংস কৰি দিছে বুলি কয় তেওঁক ফাঁচী দিব লাগে বুলিও কয় মহিলাই৷ বিধায়ক কুলদ্বীপ সিং আৰু অৰুণ সিংক আটক কৰিলহে তেওঁলোকৰ পৰিয়ালে ন্যায় পাব বুলি কয় মহিলাই৷ 

বিজেপিৰ বিধায়ক কুলদ্বীপ সিঙে এগৰাকী মহিলাৰ জৰিয়তে মহিলাক তেওঁলোকৰ ঘৰলৈ মাতি নি গণ ধৰ্ষণ কৰিছিল বুলি অভিযোগ উত্থাপন কৰি প্ৰায় এবছৰ পূৰ্বে এজাহাৰ দাখিল কৰিছিল যদিও আৰক্ষীয়ে কোনোধৰণৰ ব্যৱস্থা নোলোৱাৰ লগতে গোচৰ ৰুজু কৰা নাছিল৷ উত্তৰ প্ৰদেশৰ মাখী আৰক্ষী থানাৰ অন্তৰ্গত এখন গাঁৱত এই ঘটনা সংঘটিত হৈছিল৷