
কোকৰাঝাৰঃ সমাজ ব্যৱস্থা কিমান স্খলিত হ'লে এগৰাকী পিতৃয়ে নিজ কন্যাক ধৰ্ষণ কৰিব পাৰে? স্খলিত সমাজ ব্যৱস্থাত পিতৃৰ এই নাৰকীয় কাণ্ডই কোকৰাঝাৰত জোকাৰণিৰ সৃষ্টি কৰিছে।
কোকৰাঝাৰ জিলাৰ ছালাকাটিৰ ভূমকীৰ প্ৰথম খণ্ডৰ বাসিন্দা আমজাদ আলী (৩৫)য়ে বিগত কেবাদিনো ধৰি নাৱালিকা কন্যাক ধৰ্ষণ কৰি আহিছিল। যোৱা দহদিনত পিতৃ আমজাদ আলীয়ে ১১বছৰীয়া নিজ কন্যাক কেবাবাৰো ধৰ্ষণ কৰিছিল যদিও মুখলজ্জাৰ ভয়ত ঘটনাটো ফাদিল হ'বলৈ দিয়া নাছিল পৰিয়ালৰ আন সদস্যসকলে।
কিন্তু একেই ঘটনাৰ পুনৰাবৃত্তি হোৱাত অৱশেষত আমজাদ আলীৰ বিৰুদ্ধে আজি আমজাদৰ সহধৰ্মিনীয়ে উক্ত জঘন্য ঘটনা সন্দৰ্ভত ছালাকাটি আৰক্ষী চকীত গোচৰ তৰে। ছালাকাটি আৰক্ষীয়ে এজাহাৰ (নং ৫৮৯/১৭) মৰ্মে পক্সো (protection of child from sexual offences) আইনৰ ধাৰা ৪ মৰ্মে অভিযুক্ত আমজাদ আলীক গ্ৰেপ্তাৰ কৰি জেৰা অব্যাহত ৰাখিছে।
এগৰাকী পাষণ্ড পিতৃয়ে নিজৰ এঘাৰ বছৰীয়া জীয়েকক ধৰ্ষণ কৰি গ্ৰেপ্তাৰ হ'বলগীয়া হোৱা বাতৰিয়ে ছালাকাটি অঞ্চলৰ লগতে জিলাখনত ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে। তদুপৰি এনে ঘটনাই সমাজ ব্যৱস্থাক কি পথে লৈ গৈছে সেয়াও চিন্তনীয় বিষয় বুলি চৰ্চিত হৈছে।