লংকাঃ ধনৰ লোভত নিজ দুমহীয়া সন্তানক বিক্ৰী কৰিলে পিতৃয়ে। হোজাই জিলাৰ লংকাত সংঘটিত হৈছে এই অমানৱীয় ঘটনাটো। ধনৰ লোভত নিজৰ সন্তানক আনৰ হাতত তুলি দিয়ে জগত নাথ ভকত নামৰ লোক এজনে।

লংকাৰ ১ নং ৰেল গেটৰ নিৱাসী এইজন লোকে ধনেশ্বৰ নামৰ এজন লোকৰ সহযোগত ২৫০০ টকাকৈ প্ৰতি মাহে পোৱাৰ আশাত নিজ শিশুটিক হোজাইৰ এজন ব্যক্তিৰ হাতত বিক্ৰী কৰে দিয়ে। পৰিয়ালৰ লোকে জগত নাথৰ এই কু-কৰ্মৰ কথা জানিবলৈ পাই লংকা আৰক্ষীৰ ওচৰত এখন এজাহাৰ দাখিল কৰে।

পৰিয়ালৰ এই অভিযোগৰ ভিত্তিত লংকা আৰক্ষীয়ে জগত নাথক আজি আটক কৰে। শিশুটি বিক্ৰীত সহযোগ কৰা ধনেশ্বৰ আৰু শিশুটিৰ সন্ধানত বৰ্তমান লংকা আৰক্ষীৰ তদন্ত অব্যাহত বুলি আছে বুলি লংকা থানাৰ ভাৰপাপ্ত বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে।