ছিপাঝাৰঃ দৰং জিলাৰ ছিপাঝাৰ সমষ্টিৰ বড়াচুবাত হত্যাকাণ্ডক কেন্দ্ৰ কৰি গাওঁখনত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। পাৰিবাৰিক সংঘাতৰ কাৰণতে এই হত্যাকাণ্ড সংঘটিত হোৱা বুলি জানিব পৰা যায়। 

বুধবাৰৰ নিশা সংঘটিত হোৱা এই ঘটনাত পিতা, পুত্ৰ আৰু জোঁৱায়েকে মিলি অৰুণ শইকীয়া নামৰ যুৱকজনক কুঠাৰেৰে ঘপিয়াই মুমূৰ্ষু অৱস্থাত গছ এডালৰ তলত পেলাই থৈছিল। স্থানীয় ৰাইজে যুৱকজনক উদ্ধাৰ কৰি নাৰায়ণা চিকিৎসালয়লৈ প্ৰেৰণ কৰিছিল যদিও আজি যুৱকজনৰ মৃত্যু হোৱা বুলি খবৰ ওলোৱাৰ পাছতেই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে অঞ্চলটোত৷ 

উক্ত ঘটনাক কেন্দ্ৰ কৰি ইতিমধ্যে ঘটনাস্থলীত দৰং জিলা প্ৰশাসনে আৰক্ষী লোক মোতায়ন কৰিছে৷ লগতে হত্যাকাণ্ডৰ লগত জড়িত থকা পিতা হেমচন্দ্ৰ বড়া, পুত্ৰভেবেন বড়া আৰু জোঁৱাইক পুলক ডেকাক মংগলদৈ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি ঘটনাৰ তদন্তৰ আৰম্ভ কৰে৷