
মঙলদৈঃ শ্বহীদক অপমান কৰি অসম আৰক্ষীৰ ৰোষত পৰিল মঙলদৈৰ ছাত্ৰ৷ ৰাজ্যৰ জনগণক সুৰক্ষিত কৰিবলৈ গৈ আত্মবলিদান দিয়া এগৰাকী বিষয়াক সকলোৱে চেল্যুট দি চিৰ বিদায় দিয়াৰ সময়তে ফেচবুকত আলফাক সমৰ্থন কৰি বিতৰ্কিত আপডেট দি জালত পৰে ছাত্ৰজন৷
সমগ্ৰ ৰাজ্যৰ লোকক চিন্তিত কৰি তোলাৰ সমান্তৰালভাৱে সামাজিক গণমাধ্যমত বিদ্ৰোহী সংগঠন আলফাৰ প্ৰাসংগিকতা আৰু বৈধতাক লৈ বাদ-বিবাদৰ মাজতে ফেচবুকত আৰক্ষীৰ বিষয়ে কটু মন্তব্য লিখি গ্ৰেপ্তাৰ হৈছে ছাত্ৰজন।
অসম আৰক্ষীৰ বিৰুদ্ধে লিখাৰ লগতে পোষ্টটোত আলফাক প্ৰশংসা কৰা মঙলদৈ কেন্দ্ৰীয় বিদ্যালয়ৰ ছাত্ৰ। মঙলদৈ থানাৰ অন্তৰ্গত ২ নং বামুনপাৰাস্থিত ছাত্ৰজনৰ ঘৰত চলোৱা তালাচীত উদ্ধাৰ হৈছে এটা এয়াৰ পিষ্টলৰ লগতে দুটা সজীৱ গুলী।
আৰক্ষীক দিয়া ভাষ্য মতে ছাত্ৰজনে অনলাইন শ্বপিং চাইট ফ্লিপকাৰ্টৰ পৰা সেই পিষ্টল-পেলেট ক্ৰয় কৰিছিল। আলফাৰ প্ৰশংসা কৰাৰ লগতে অসম আৰক্ষীক নিন্দা কৰি লিখা পোষ্টটো তেওঁ নিজে লিখা আছিল বুলি স্বীকাৰো কৰে ছাত্ৰজনে।
দৰং জিলাৰ আৰক্ষী অধীক্ষক শ্ৰীজিৎ টিয়ে জনোৱা মতে, আশ্চৰ্যজনকভাৱে পিষ্টল-বাৰুদত আগ্ৰহী ছাত্ৰজনে ফটকাৰ বাৰুদ উলিয়াই কেনেদৰে পেলেটৰ সমুখভাগত ভৰালে গুলিৰ প্ৰজেক্টাইল ভেলচিটি অৰ্থাৎ প্ৰক্ষেপ বেগ বাঢ়ে সেয়া ইউটিবৰ পৰা শিকিছিল বুলি আৰক্ষীৰ সোধ-পোছত স্বীকাৰ কৰা বুলি কয়। ছাত্ৰজনে এনেদৰে লিখে ফেচবুক পোষ্টটো ‘‘জয় আলফা, আলফা জিন্দাবাদ, পুলিচৰ কাম নাই৷ পইচা খোৱা পুলিচ আৰু মৰ চাপৰ্টত আছো আলফাৰ৷’’
আইটি এক্ট আৰু আৰ্মচ এক্টৰ লগতে অপৰাধমূলক ষড়যন্ত্ৰ আইনৰ অধীনত (MLD PS no 336/18 u/S 121 IPC R/W 67 IT ACT R/W 28 Arms Act) ছাত্ৰজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে। মঙলদৈ থানাত আৰক্ষীৰ জেৰা অব্যাহত আছে।
উল্লেখ্য যে, ৪ মে'ৰ বিয়লি আলফা স্বাধীনেৰে আৰক্ষী-সেনাৰ সংঘৰ্ষত গুলীবিদ্ধ হৈ চিকিৎসালয়ত মৃত্যুক আকোৱালি লয় বৰডুমচা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ভাস্কৰ কলিতাই। জানিব পৰা মতে, দিনৰ প্ৰায় ১২ বজাত আলফাৰ দল এটা বৰডুমচাৰ কুজু পথাৰত কুজুপথাৰ গাঁৱৰ বাবু ধন বৰা নামৰ লোকজনৰ ঘৰত আলফাৰ দল প্ৰৱেশ কৰাৰ খবৰ লাভ কৰিছিল আৰক্ষীয়ে। খবৰৰ ভিত্তিত যুৱ আৰক্ষী বিষয়াগৰাকীয়ে চিআৰপিএফৰ দল সহ ঘেৰাও কৰে উক্তস্থান৷
আলফাৰ দলটোৰ সৈতে প্ৰথমে গুলীয়াগুলি লাগে আৰক্ষী-চিআৰপিএফৰ৷ পিছত সেনাই নেতৃত্ব লয় অভিযানৰ৷ তেনে সময়তে আলফাৰ দলে গ্ৰেনেড নিক্ষেপ কৰাৰ লগতে একেৰাহে গুলীচালনা কৰাত বৰডুমচা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ভাস্কৰ কলিতাৰ দেহত কেইবাটাও গুলী লাগিছিল৷