
নগাঁওঃ নগাঁও জিলাৰ তিনিগৰাকী শিক্ষাকক বিভিন্ন ক্ষেত্ৰত আগবঢ়াই অহা অৱদানৰ স্বীকৃতি স্বৰূপে হাৰিয়ানাত সম্বৰ্ধনা জনায়৷ শিক্ষাগুৰু তিনিগৰাকী হৈছে জিলাখনৰ বেবেজীয়াৰ জামুগুৰিৰ অনিল চন্দ্ৰ নাথ, বেবেজীয়াৰ লক্ষ্মীনাৰায়ণ বৰা আৰু ৰহাৰ পুতুলী মুদৈ৷
যোৱা ৮ এপ্ৰিলত হাৰিয়ানাৰ কুৰুক্ষেত্ৰৰ চোনীপত জিলাত ড০ বি আৰ আম্বেদকাৰ বিচাৰ মঞ্চই আয়োজন কৰা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত তিনিগৰাকী নগঞা শিক্ষক-শিক্ষয়িত্ৰীৰ লগতে অসমৰ আন চাৰিগৰাকী ব্যক্তিকো সম্বৰ্ধনা জনায়৷
অনুষ্ঠানত ড০ বি আৰ আম্বেদকাৰ বিচাৰ মঞ্চৰ তৰফৰ পৰা অসমৰ উপৰিও দিল্লী, পাঞ্জাৱ, কৰ্ণাটক, উত্তৰ প্ৰদেশ, বিহাৰ, হাৰিয়ানা আদি বিভিন্ন ৰাজ্যৰ শিক্ষা,কলা-সংস্কৃতি, কাব্য-সাহিত্য, যোগ-ব্যায়াম, ক্ৰীড়া আদি ক্ষেত্ৰলৈ বিশেষ অৱদান আগবঢ়োৱা বিশিষ্ট লোকক ৰাষ্ট্ৰীয় গৌৰৱৰ সন্মানেৰে সন্মানিত কৰা হয়৷
নগাঁৱৰ অনিল চন্দ্ৰ নাথ আৰু লক্ষ্মীনাৰায়ণ বৰাক যোগ গৌৰৱ আৰু শিক্ষক ৰত্ন ৰাষ্ট্ৰীয় গৌৰৱ আৰু পুতুলী মুদৈক সাহিত্য গৌৰৱৰ সন্মান প্ৰদান কৰা হয়৷ তদুপৰি অসমৰে ড০ জগন্নাথ পাটগিৰি আৰু তুলসী কাফেনলৈ ৰাষ্ট্ৰীয় সমাজসেৱক ৰাষ্ট্ৰীয় গৌৰৱ, দিলীপ কুমাৰ শৰ্মালৈ নাট্য সাহিত্য ৰাষ্ট্ৰীয় গৌৰৱ আৰু ৰশ্মিৰেখা কাশ্যপক সাহিত্য ৰাষ্ট্ৰীয় গৌৰৱৰ সন্মান আগবঢ়োৱা হয়৷
অনুষ্ঠানত ড০ বি আৰ আম্বেদকাৰ বিচাৰ মঞ্চৰ ৰাষ্ট্ৰীয় অধ্যক্ষ সুৰজভান বৰগুজৰ, অসম ৰাজ্যিক অধ্যক্ষ বিশ্বম্বৰ সিংহ কুশৱাহকে প্ৰমুখ্য কৰি বহুকেইজন গণ্যমান্য লোকৰ উপস্থিতিত বঁটাসমূহ প্ৰদান কৰে হাৰিয়ানা চৰকাৰৰ মন্ত্ৰী এছ থক্কৰে৷
উল্লেখ্য যে, এইদৰে ৰাষ্ট্ৰীয় পৰ্যায়ত সন্মানিত হোৱা নগঞা শিক্ষক অনিল চন্দ্ৰ নাথ এগৰাকী সুদক্ষ অভিনেতা,চিত্ৰশিল্পীৰ লগতে যোগ সাধক আৰু যোগ প্ৰশিক্ষক হিচাপে সুপৰিচিত৷
আনহাতে, সমাজৰ বিভিন্ন কাম-কাজৰ লগত জড়িত শিক্ষক লক্ষ্মীনাৰায়ণ বৰাই বিগত বৰ্ষত কৃৰ্তি শিক্ষকৰ ৰাজ্যিক বঁটা লাভ কৰাৰ বিপৰীতে পুতুলী মুদৈয়ে শিক্ষকতাৰ সমান্তৰালকৈ ইতিমধ্যে সাহিত্য চৰ্চাৰে সমাজত নিজৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছে৷ এই তিনিগৰাকী নগঞাই এনেদৰে নিজৰ কৰ্ম দক্ষতাৰে ৰাষ্ট্ৰীয় পৰ্যায়ত সন্মান বুটলিবলৈ সক্ষম হোৱা কাৰ্যই জিলাবাসীক গৌৰাবান্বিত কৰি তুলিছে৷