newsnextone.com | ডিব্ৰুগড়ঃ সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত এগৰাকী দৰিদ্ৰ ঘৰৰ কন্যা সন্তানে সুখ্যাতিৰে উত্তীৰ্ণ হৈ প্ৰমাণ কৰিছে যে শিক্ষা আহৰণৰ বাবে দৰিদ্ৰতা কেতিয়াও হেঙাৰ হ’ব নোৱাৰে৷ পৰিয়ালটোৰ এসাঁজ খাবৰ বাবে হাহাকাৰ কৰিব লগা হয়৷ এযোৰ ভাল কাপোৰৰ বাবে পিতৃয়ে সংগ্ৰাম কৰিব লগা হয়৷ তেনে এটি দৰিদ্ৰ পৰিয়ালৰ কন্যা সন্তানগৰাকীয়ে এদিন পঢ়ি-শুনি ডাঙৰ মানুহ হৈ পিতৃ-মাতৃৰ সপোন পূৰণ কৰিবলৈ অশেষ কষ্ট কৰি ভাল ফলাফল দেখুৱাবলৈ সক্ষম হয়৷

নাম তাইৰ অংকিতা দত্ত৷ ঘৰ ডিব্ৰুগড় জিলাৰ লাহোৱালৰ নাহৰসাঁকো গাঁৱত৷ পিতৃয়ে দিনৰ দিনটো আনৰ গাড়ী চলাই ঘৰখন পোহপাল দিয়ে৷ নাছিল কোনো ঘৰুৱা টিউচন৷ শ্ৰেণীকোঠাত ছাৰ-বাইদেৱে কৰা পাঠদানকে সাৰোগত কৰি নিতৌ পঢ়ি-শুনা কৰি কেইটামান নম্বৰৰ বাবে উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত স্থান লাভ কৰিবলৈ সক্ষম নহ’ল অংকিতাই৷

ডিব্ৰুগড় জিলাৰ লাহোৱালৰ নাহৰসাঁকো গাঁৱৰ গাড়ী চালক শৈলেন দওৰ কন্যা অংকিতা দত্তই উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত ৯১.৪ শতাংশৰে ৪৫৭ নম্বৰ লাভ কৰি অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে৷ অংকিতাই ৫টা বিষয়ত লেটাৰ লাভ কৰে৷ লাহোৱাল মহাবিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত বহিছিল অংকিতাই৷ দৰিদ্ৰ পৰিয়ালৰ মেধাবী ছাত্ৰীগৰাকীক লাহোৱালৰ ছাত্ৰ সমাজে সম্বৰ্ধনা জনোৱাৰ লগতে অনাগত সময়ত সকলো প্ৰকাৰৰ সহায় কৰাৰ প্ৰতিশ্ৰুতি দিয়ে৷ লাহোৱাল ছাত্ৰ সমাজৰ প্ৰতিনিধি বিষ্ণুজ্যোতি দত্ত, ভাস্কৰজ্যোতি দত্ত, উজ্জ্বল হাজৰিকা আৰু জ্যোতিষ চেতিয়াই আন চাৰি গৰাকী মেধাবী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা যাচে৷