newsnextone.com | নগাঁওঃ বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপত সোণৰ পদক আজুৰি আনি অসম-ভাৰতলৈ গৌৰৱ কঢ়িয়াই অনা নগাঁও জিলাৰ ধিঙৰ কান্ধুলীমাৰীৰ হিমা দাসৰ বাসগৃহ আজিও ভৰি পৰে অগণন শুভাকাংক্ষীৰে ৷ 

আন্তঃৰাষ্ট্ৰীয় দৌৰবিদ হিমাৰ বাসগৃহ তথা জন্মভূমি কান্ধুলীমাৰীত সাধাৰণ জনতা, শুভাকাংক্ষীৰ পৰা ৰাজনৈতিক নেতা-পালিনেতা, বিভিন্ন দল-সংগঠনৰ নেতা-কৰ্মীৰ সোঁত বৈছে৷

তাৰ মাজতে অসম কন্যা হিমা দাসৰ পিতৃ-মাতৃক শুভেচ্ছা যাচিবলৈ হিমাৰ বাসগৃহত উপস্থিত হ’ল প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান ফটিক দত্ত গোস্বামী। ফটিক দত্ত গোস্বামীয়ে পত্নী কুমকুম গোস্বামী সহ হিমাৰ বাসগৃহত উপস্থিত হৈ পিতৃ মাতৃক অভিনন্দন যাচে। অভিনন্দন জনায় অভিভূত হৈ পৰে প্ৰাক্তন আৰক্ষীৰ সঞ্চালকগৰাকী। হিমাই বিশ্বৰ বুকুত আৰু জিলিকি উঠক আৰু অসম তথা ভাৰতবৰ্ষৰ আদৰ্শ হোৱাৰ কামনা কৰে তেওঁ ।