
newsnextone.com | ডিব্ৰুগড়ঃ এছিয়ান পাৱাৰলিফটিং চেম্পিয়নশ্বিপত ভাৰতক প্ৰতিনিধিত্ব কৰি দুটাকৈ ৰূপ আৰু এটা ব্ৰঞ্জৰ পদক লাভ কৰি ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনে৷ ডিব্ৰুগড়লৈ সন্তান হিমাদ্ৰী শেখৰ চক্ৰৱৰ্তীয়ে গৌৰৱ কঢ়িয়াই আনে ৰাজ্যখনলৈ৷ ১-৬ মে’ত ৰাজ্যস্থানত অনুষ্ঠিত এছিয়ান পাৱাৰলিফটিং চেম্পিয়নশ্বিপত হিমাদ্ৰী শেখৰ চক্ৰৱৰ্তীয়ে অংশগ্ৰহণ কৰি দুটাকৈ ৰূপ আৰু এটা ব্ৰঞ্জৰ পদক আঁজুৰি আনিবলৈ সক্ষম হয়৷
এছিয়া মহাদেশৰ ১৪ খন দেশৰ খেলুৱৈয়ে অংশগ্ৰহণ কৰা এই প্ৰতিযোগিতাখনত হিমাদ্ৰীয়ে তৃতীয় স্থান অধিকাৰ কৰিছে৷ ২১ বছৰীয়া হিমাদ্ৰীৰ এই সফলতাক তেওঁৰ জন্মভূমি ডিব্ৰুগড়ত আনন্দৰ জোৱাৰ উঠিছে৷ সোমবাৰে ডিব্ৰুগড় বিবেকানন্দ ফিজিকেল ট্ৰেইনিং ইনষ্টিটিউটে হিমাদ্ৰী শেখৰ চক্ৰৱৰ্তীক ফুলাম গামোচা আৰু ফুলৰ থোপাৰে সম্বৰ্ধনা জ্ঞাপন কৰে৷
ইনষ্টিটিউটৰ হৈ যুৱ নেতা সুমন দেৱনাথে খেলুৱৈগৰাকীক সম্বৰ্ধনা জনোৱাৰ পিছতে কয় যে ৰাজ্য চৰকাৰে এনে ধৰণৰ নতুন প্ৰজন্মৰ খেলুুৱৈসকলৰ বাবে বিশেষ আঁচনি গ্ৰহণ কৰিব লাগে৷ ৰাজ্যখনৰ বহু প্ৰতিভাৱান যুৱক-যুৱতীৰ খেলুৱৈয়ে আৰ্থিক অনাটনৰ বাবে এই ধৰণৰ প্ৰতিযোগিতাসমূহত ভাগ লোৱাৰ ক্ষেত্ৰত অসমৰ্থ হয়৷
যাতে নতুন প্ৰজন্মৰ যুৱক-যুৱতীৰ খেলুৱৈ সকলে এনে পৰিস্থিতৰ সন্মুখীন হবলগীয়া নহয় তাৰ প্ৰতি গুৰুত্ব প্ৰদান কৰিবলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক আহ্বান জনাইছে৷ আনহাতে হিমাদ্ৰী চক্ৰৱৰ্তীৰ এই সফলতা কেৱল ডিব্ৰুগড়ৰ বাবে নহয় অসম তথা ভাৰতবৰ্ষৰ বাবে গৌৰৱৰ বিষয় বুলি কয়৷ উল্লেখ্য যে, ডিব্ৰুগড় নালিয়াপুল দূৰ্গাবাড়ীৰ নিবাসী নিখিলেশ চক্ৰৱৰ্তী আৰু চিপ্ৰা চক্ৰৱৰ্তীৰ দ্বিতীয় সন্তান হিমাদ্ৰী শেখৰ চক্ৰৱৰ্তীয়ে এছিয়ান পাৱাৰলিফটিং চেম্পিয়নশ্বিপত তৃতীয় স্থান দখল কৰিছে৷ ইপিনে এই প্ৰতিযোগিতাত ভাৰতৰ হৈ মহাৰাষ্ট্ৰই প্ৰথম আৰু অসমৰ হিমাদ্ৰী কাশ্যপে তৃতীয় স্থান অধিকাৰ কৰিবলৈ সক্ষম হয়৷