
গোৰেশ্বৰঃ লোক কৃষ্টি, সংস্কৃতি, পৰম্পৰা জীয়াই ৰখাৰ বাবে কাম কৰি অহা লোকক একত্ৰিত কৰি ৰাইজক চিনাকি কৰি দিয়াৰ লগতে ৰাজহুৱা সন্মান যাচে এবছুৱে৷ সময়ৰ সোতত অসমৰ বুকুৰ পৰা হেৰাই যাব ধৰা লোক কৃষ্টি, পৰম্পৰা, গীত-মাত, নৃত্য সমূহ ধৰি ৰাখিবৰ বাবে কাম কৰা শিল্পীসকলক শুকুৰবাৰে গোৰেশ্বৰত ৰাজহুৱা সম্বৰ্ধনা যাচে জনগোষ্ঠীয় সংগঠন এবছুৱে৷
বাক্সা জিলাৰ গোৰেশ্বৰৰ বেঙেনাহাটী প্ৰেক্ষাগৃহত এবছুৰ পঞ্চাশ বছৰ পূৰ্তি উপলক্ষে সোণালী জয়ন্তীৰ বিভিন্ন কৰ্যসূচীৰ সৈতে সংগতি ৰাখি শিল্পীসকলক সম্বৰ্ধনা যাচে৷ এবছুৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক লৰেন্স ইছলাৰীয়ে আঁতধৰা বিশেষ সম্বৰ্ধনা অনুষ্ঠানত বড়ো সংস্কৃতিত বিশেষ অৰিহণা যোগাই অহা এশ গৰাকী জ্যেষ্ঠ শিল্পীক সম্বৰ্ধনা জ্ঞাপন কৰে৷
ৰাজ্য খনৰ তথা বিটিএডিৰ চাৰি খন জিলাৰ মুঠ এশ গৰাকী বড়ো সংস্কৃতিৰ হৈ ৰেডিঅ' আৰু দূৰদৰ্শনত কাম কৰি থকা শিল্পীক ফুলৰ থোপা, আৰনাই আৰু মানপত্ৰৰে সম্বৰ্ধনা জ্ঞাপন কৰে সংগঠনটোৱে। বেঙেনাহাটী প্ৰেক্ষাগৃহত দিনৰ দুই বজাৰ পৰা অনুষ্ঠিত সম্বৰ্ধনা অনুষ্ঠানৰ প্ৰাক মূহুৰ্ত বন্তি প্ৰজ্বলন কৰে এনডিএফবি (প্ৰগতিশীল)ৰ সভাপতি ধীৰেণ বড়োৱে।
সম্বৰ্ধনা সভাত আকাশবাণী কোকৰাঝাৰ কেন্দ্ৰৰ কেন্দ্ৰ সঞ্চালক চক্ৰধৰ বড়োৱে বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি এবছুৰ এনে কাৰ্যক শলাগ লয়৷ এনে ধৰণৰ অনুষ্ঠানে নিশ্চয় লোক শিল্পী সকলক উৎসাহিত কৰিব বুলিও কয় চক্ৰধৰ বড়োৱে। আদৰণি ভাষণ ৰাখে এবছুৰ উপ-সভাপতি দ্বীপেন বড়োৱে। অনাতাঁৰ আৰু দূৰদৰ্শন শিল্পী সকলক এনেদৰে ৰাইজৰ সন্মুখত চিনাকি কৰি দিয়াৰ লগতে সন্মান জনোৱা অনুষ্ঠানত শিল্পীসকলৰ চিৰযুগমীয়া গীত শুনি আপ্লুত হৈ পৰে উপস্থিত শ্ৰোতা-দৰ্শক।
অনুষ্ঠানত বিশিষ্ট বড়ো শিল্পী সকলৰ লগতে অসমীয়া ভাষী বড়ো সংগীতৰ শিল্পী গীতামণি বৰ্মন আৰু সন্থাইমণি পাটগিৰীকো সম্বৰ্ধনা জ্ঞাপন কৰে। অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে যোৰহাট মিউজিক কলেজৰ অধ্যক্ষ প্ৰদীপ কুমাৰ ব্ৰহ্ম, অল ইণ্ডিয়া ৰেডিঅ'ৰ নৰ্থইষ্ট জোনৰ উপদেষ্টা দেবেন বসুমতাৰীয়ে।
সভাত এনডিএফবি (প্ৰগতিশীল)ৰ সাধাৰণ সম্পাদক গোবিন্দ বসুমতাৰী, বড়ো সাহিত্য সভাৰ সভাপতি কমলাকান্ত মুছাহাৰী আৰু এবছুৰ সভাপতি প্ৰমোদ বড়োও উপস্থিত থাকে। ১৯৬৭ চনৰ ১৫ ফেব্ৰুৱাৰীত জন্ম গ্ৰহণ কৰা এবছুৱে বড়ো জাতীয় জীৱনত কৃষ্টি-সংস্কৃতিলৈ বিশেষ অৰিহণা যোগাই বড়ো জাতিক আগবঢ়াই নিয়াৰ চেষ্টা অব্যাহত ৰাখিছে।
।