গোৰেশ্বৰঃ মহাবীৰ চিলাৰায় বিশ্বৰ এগৰাকী সৰ্বশ্ৰেষ্ঠ ৰজা। কেৱল ৰাজপাটৰ চিন্তাতে নাথাকি তেওঁ সাহিত্য চৰ্চাও কৰিছিল। ৰজা নৰনাৰায়ণে যদি মহাপুৰুষ শংকৰদেৱক ৰাজদৰবাৰত মৰ্যদা সহকাৰে স্থান দি সাহিত্য চৰ্চাৰ সুবিধা নিদিলেহেতেঁন তেন্তে আমি আজি অসমীয়া সাহিত্য, অসমীয়া সংস্কৃতি বুলি গৌৰৱ কৰিব নোৱাৰিলোঁহেতেঁন। -এই মন্তব্য সদৌ কোচ ৰাজবংশী ছাত্র সন্থা চমুকৈ আক্ৰাছুৰ  প্ৰাক্তন সভাপতি বিশ্বজিৎ ৰায়ৰ।

আজি বাক্সা জিলাৰ নাওকাটা বাৰোৱাৰী দুৰ্গা মন্দিৰ প্ৰাংগনত আয়োজিত এক সম্বৰ্ধনা সভাত সম্বৰ্ধনা গ্ৰহণ কৰি প্ৰাক্তন আক্ৰাছু নেতাজনে এনেদৰে কয়। আজি পূব ডেফেলী আঞ্চলিক কোচ ৰাজবংশী ছাত্র সন্থা আৰু কোচ ৰাজবংশী মহিলা সমিতিৰ উদ্যোগত ৰাজ্য চৰকাৰ তথা মুখ্যমন্ত্ৰীৰ পৰা "বিশ্ব মহাবীৰ চিলাৰায় বঁটা" লাভ কৰা কোচ-ৰাজবংশী আন্দোলনৰ নেতা বিশ্বজিৎ ৰায়ক ৰাজহুৱাভাৱে সম্বৰ্ধনা জনোৱা হয়।

পূব ডেফেলী আঞ্চলিক কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ সভাপতি ৰমনী কান্ত দাসৰ সভাপতিত্বত আয়োজিত হয় সম্বৰ্ধনা সভা। ইপিনে সভাত উপস্থিত থাকি সাংবাদিকৰে মিলিত হোৱা এক আছুতীয়া সাক্ষাৎকাৰ বিশ্বজিৎ ৰায় কয় যে- চৰকাৰে ছয় জনগোষ্ঠীৰ জনজাতিকৰ কেতিয়াও হোৱাটো নিবিচাৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও চৰকাৰ গঠন হোৱাৰ ছয় মাহৰ ভিতৰতে ছয় জনগোষ্ঠীৰ জনজাতিৰ সমস্যা সমাধানৰ আশ্বাস দিছিল যদিও আজি তিনি বছৰ ওকলি যোৱাৰ পিছতো কিন্তু কোনো কাৰ্যব্যৱস্থা গ্ৰহণ নকৰিলে।

কংগ্ৰেছে যেনেকৈ ছয় জনগোষ্ঠীক প্ৰতাৰণা কৰিছিল তেনেদৰে বিজেপিয়েও আজিলৈ ছয় জনগোষ্ঠীক প্ৰতাৰণাই কৰি আছে। তেওঁ লগতে কয় যে চৰকাৰে তেওঁক "বিশ্ব মহাবীৰ চিলাৰায় বঁটা" প্ৰদান কৰাত সুখী হৈছে, কিন্তু তাতকৈ যদি ছয় জনগোষ্ঠীক জনজাতিকৰণৰ কৰিলেহেঁতেন তেন্তে তেওঁ বেছি সুখী হ'লহেঁতেন।

আজিৰ মুকলি সভাত ওদালগুৰি জিলা আক্ৰাছুৰ সভাপতি ভৱেন ৰাজবংশী, সদৌ কোচ ৰাজবংশী মহিলা সমিতিৰ সভানেত্ৰী বিনাপাণি দাস সহিতে কেবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে। ইপিনে নাওকাটাত উপস্থিত হোৱাৰ পূৰ্বে গোৰেশ্বৰৰ পৰা আক্ৰাছুৰ সমৰ্থক সকলে ৰেলী কৰি বিশ্বজিৎ ৰায়ক আদৰি লৈ যোৱা হয়।