03
Oct
2017

নলবাৰীঃ নলবাৰী জিলাৰ সন্ধাত মহাপুৰুষ শ্ৰীমন্ত শংকৰ দেৱ সংঘৰ ৫৬৯ তম্ অাবিৰ্ভাৱ মহোৎসৱৰ ধৰ্মালোচনী সভাত আজি নলবাৰীৰ বিশিষ্ট সমাজসেৱক, ক্ৰীড়া সংগঠক তথা নলবাৰীৰ ঐতিহ্যমণ্ডিত হৰিমন্দিৰ সমিতিৰ সভাপতি চন্দ্ৰ কলিতাক বিশেষ ভাবে সম্বৰ্ধনা জনোৱা হয়।
উদযাপন সমিতিৰ সভাপতি সুবোধ ডেকাৰ সভাপতিত্বত অনুষ্ঠিত সভা খনৰ সম্পাদক ৰমেন মালাকৰে অাঁত ধৰে। অনুষ্ঠানত মূখ্য অতিথি হিচাপে ভালেকইজন বিশিষ্ঠ লোক উপস্থিত থাকে।