জাজৰিঃ ১৯৪৪ চনত স্থাপিত  নগাঁও জিলাৰ ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠান জাজৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ হিতেশ চন্দ্ৰ ডেকাক শনিবাৰে বিদায় সম্বৰ্ধনা যাচে বিদ্যালয় কৰ্তৃপক্ষই৷

বিদ্যালয় প্ৰাংগনত অনুষ্ঠিত এখন সভাত সভাপতিত্ব কৰে বিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সভাপতি জয়ন্ত শৰ্মাই। বিদায়ী অধ্যক্ষ হিতেশ চন্দ্ৰ ডেকাক কৰ্মাৰাজী জীৱন সন্দৰ্ভত বক্তব্য আগবঢ়ায় বিদ্যালয় পৰিচালনা সমিতিৰ উপ-সভাপতি ৰাহুল দেৱ বৰদলৈয়ে৷

সভাত বিদায়ী অধ্যক্ষগৰাকীক ফুলাম গামোচা, শৰাই আৰু কীৰ্তন পুথিৰে সম্বৰ্ধনা জনায়। অনুষ্ঠানত বিদ্যালয় খনৰ প্ৰক্তন উপাধ্যক্ষ মিহিৰ আলি, বৰ্তমানৰ উপাধ্যক্ষ ৰেকিবুদ্দিন আহমেদ, ভাৰপ্ৰাপ্ত অধ্যক্ষ মঞ্জুল কটকী উপস্থিত থাকে।