
ডিফুঃ ৰাজ্যৰ একাংশ মন্ত্ৰী-বিধায়কে কেৱল চমক সৃষ্টিৰ বাবে কাম কৰি অহা পৰিলক্ষিত হয়৷ চাইকেল চলাই বিধান সভালৈ অহা, ৰঙা লাইট ব্যৱহাৰ নকৰা, স্বচ্ছ ভাৰতৰ বাবে কেমেৰাৰ সন্মুখত ঝাড়ু মৰা, ট্ৰেপিক ছিগনেলত সাধাৰণ মানুহৰ সৈতে ৰৈ দিয়া আদি নানান চমক সৃষ্টি কৰাই নহয় কেমেৰাৰ সন্মুখত শিক্ষকৰ খতিয়ান লৈ চমক সৃষ্টি কৰি আহিছে৷
কিন্তু তাৰ মাজত বিপৰীত এগৰাকী কাৰ্বি পাহাৰৰ নেত্ৰী৷ গেৰুৱা দল বিজেপিয়ে দখল কৰা কাৰ্বি স্বায়ত্ত পৰিষদৰ এগৰাকী সাধাৰণ সদস্য সম্পূৰ্ণ ব্যতিক্ৰম৷ কাৰ্বি পাহাৰত ব্যাপক চৰ্চাৰ কেন্দ্ৰ বিন্দু হৈ পৰিছে এিগাৰকী মহিলা নেত্ৰী৷ নিৰ্বাচনত জয়ী হোৱাৰ পিছত সভা মন্ত্ৰী-বিধায়ক, পৰিষদীয় সদস্যক সভা-সমিতি অনুষ্ঠিত কৰি বহু লোকে গামোচা পিন্ধাই সন্মান যাচে৷
যাৰ ফলত তেওঁলোক হৈ পৰে ভিআইপি, ভিভি আইপি৷ কিন্তু দ্বাদশ কাৰ্বি স্বায়ত্ত পৰিষদৰ নিৰ্বাচনত পশ্চিম কাৰ্বি আংলঙৰ পৰা বিজয়ী হোৱা ৰীণা টেৰাংপীয়ে সম্পূৰ্ণ ব্যতিক্ৰম৷ উন্নয়ণৰ প্ৰক্ৰিয়াত সহযোগ বিচাৰি সকলো বিভাগৰ বিষয়া, শিক্ষক, গড়কাপ্তানি বিভাগৰ কৰ্মচাৰী, শ্ৰমিক সকলকো পশ্চিম কাৰ্বি আংলঙৰ এখন সভালৈ আমন্ত্ৰণ কৰে৷
চৰকাৰৰ বিষয়া-কৰ্মচাৰী, শ্ৰমিকক নিজে হাতে একোখনকৈ ফুলাম গামোচাৰে সন্মান যাঁচিছে৷ দেখাত সৰু কথা যেন লাগিলেও নেত্ৰীগৰাকীয়ে দিঙিত গামোচা পিন্ধোৱাৰ পাছতে আবেগিক হৈ গড়কাপ্তানী বিবাগৰ কেজুৱেল লেবাৰে কাম কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰে৷ তেওঁলোক কোৰ-দা নাই বুলি অভিযোগ কৰি কোৰ-দা পালে পথৰ কাম কৰিম বুলি স্পষ্ট কৰে৷ স্থানীয় ৰাইজে এয়াহে প্ৰকৃততে ৰাইজৰ পদূলিত ৰাইজৰ চৰকাৰ বুলি কয়৷ প্ৰতিনিধি ভিআইপি নহয়, গণতন্ত্ৰত ৰাইজহে ভিআইপি এই কথা স্পষ্ট হ’ল৷