
নামতিঃ ৬০০ বছৰীয়া আহোমৰ ৰাজত্ব কালৰ ইতিহাস-সমল যুৱ প্ৰজন্মৰ মাজত সজীৱ কৰি ৰখাৰ বাবে ওৰে জীৱন কাম কৰি অহা এগৰাকী পণ্ডিতক শুভেচ্ছা, আদৰণী তথা কামৰ স্বীকৃতি দিবলৈ পুনৰ সাজু হৈছে আহোমৰ একালৰ ৰাজধানী ঐতিহ্যমণ্ডিত শিৱসাগৰ জিলাৰ ৰাইজ৷
ইতিমধ্যে পণ্ডিতগৰাকীক সম্বৰ্ধনা যাচিবলৈ ব্যাপক প্ৰস্তুতি চলাইছে ৰাইজে৷ ৰাজ্যৰ আগশাৰীৰ পণ্ডিত, বিশিষ্ট টাই ভাষা-সংস্কৃতিৰ গৱেষক, সমাজকর্মী মানচাও বিমল বৰপাত্র গোঁহাইক বিশেষ ভাবে সম্বৰ্ধনা যাচিব শিৱসাগৰবাসীয়ে৷ ৰাজ্য চৰকাৰে ২০১৭ বর্ষৰ চ্যুকাফা বঁটা প্রদান কৰাত গৌৰৱান্বিত শিৱসাগৰ জিলাৰ জনসাধাৰণ।
টাই জনগোষ্ঠীৰ বিশিষ্ট ব্যক্তি তথা ৰাজ্য খনৰ আগশাৰীৰ লোকগৰাকীক আটাছুৰ শিৱসাগৰ জিলা সমিতিৰ লগতে বিভিন্ন দল-সংগঠনে সম্বৰ্ধনা যাচে৷ শিমলুগুৰি ৩৫নং প্রাথমিক বিদ্যালয় প্রাংগনত এক বিশেষ ৰাজহুৱা সম্বর্ধনা অনুষ্ঠানৰ আয়োজন কৰিছে সংগঠনটোৱে। আটাছুৰ শিৱসাগৰ জিলা সমিতিৰ সভাপতি চাও ত্রিদিপ কোঁৱৰ, যুটীয়া সম্পাদক ক্রমে চাও মানস সন্দিকৈ দিলিপ গগৈয়ে অহা ১৭ ডিচেম্বৰৰ দিনৰ ১১-৩০ বজাত শিৱসাগৰ জিলাৰ সকলো দল-সংগঠন তথা অনুষ্ঠান-প্রতিষ্ঠানে উপস্থিত থাকিবলগীয়া অনুষ্ঠানত সকলোৰে সহায়-সহযোগ কামনা কৰিছে