
কাকপথাৰঃ ৰজত কমল বঁটাৰে সন্মানিত বিশিষ্ট চলিচিত্ৰ পৰিচালক জয়চেং জয় দহোতীয়াক আজি কাকপথাৰ ৰাজহুৱা পুথিভৰাল প্ৰাংগণত ৰাইজে সম্বৰ্ধনা জনায়৷ ৰাজ্যৰ তথা অঞ্চলটোৰ গৌৰৱ দহোতীয়াক কাকপথাৰ প্ৰেছ ক্লাৱ আৰু কাকপথাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ যৌথ উদ্যোগত অনুষ্ঠিত হোৱা সম্বৰ্ধনা সভাত ৰাইজে সম্বৰ্ধনা জনায়৷
উক্ত সভাত কাকপথাৰ প্ৰেছ ক্লাৱ, কাকপথাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ লগতে তিনিচুকীয়া জিলা সাংবাদিক সন্থা, তিনিচুকীয়া জিলা ছাত্ৰ সন্থা, ডুমডুমা প্ৰেছ ক্লাৱ, ডুমডুমা আঞ্চলিক ছাত্ৰ সন্থাই বিশিষ্ট চলচিত্ৰ পৰিচালক গৰাকীক সম্বৰ্ধনা জনায়৷ দহোতীয়াক সংগঠনসমুহে গামোছা, শৰাই, সম্বৰ্ধনা পত্ৰ আদিৰে সম্বৰ্ধনা জনায়৷
উক্ত সভাত তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ সভাপতি বিনয় ডুবে সহিতে ভাৰতীয় সেনা বাহিনীৰ কাকপথাৰ সেনা ছাউনীৰ মেজৰ আশীস ডুবে, কাকপথাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷
উল্লেখযোগ্য যে পৰিচালক গৰাকীয়ে ২০০৯ বৰ্ষৰে পৰা চুটি ছবি, তথ্যচিত্ৰ, খিৰিকিৰ পাখি, দ্যা আৰবান ৰোট, এনিমেচন ছবি দ্যা ব্লাইণ্ড, কাৰ্বি জনজাতিৰ ডিমৰীয়ৰ ৰজা হলি সিং ৰংহাংৰ ওপৰত একৈশ শতিকাৰ ৰজা, মৰাণ জনগোষ্ঠীৰ ৰাতি বিহুৰ ওপৰত চাকচনি, অনামাংকিত আৰু শেহতীয়াকৈ মৰাণ ভাষাৰ লগতে মৰাণ জনগোষ্ঠীৰ নীতি নিয়মৰ ওপৰত ভিত্তি কৰি নিৰ্মাণ কৰা "হান্দুক" নামৰ ছবি খনে ভাৰতীয় চলচিত্ৰ জগতৰ বিশেষ সন্মান ৰজত কমল বঁটা লাভ কৰাৰ লগতে ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় পৰ্যায়ত বহু সন্মান অৰ্জন কৰি অসমৰ লগতে তিনিচুকীয়া জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিছে৷