
নগাঁওঃ নগাঁও জিলাৰ হাতীচোং আঞ্চলিক ছাত্ৰ সন্থাই আজি চকলাঘাটৰ ব্ৰাহ্মনগাঁওস্থিত হাতীচোং শংকৰদেৱ বিদ্যা নিকেতনৰ সভাকক্ষত কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনায়৷
গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ প্ৰাক্তন উপ-সভাপতি দেৱাশীষ বেজবৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত এখন সভাত উদ্বোধন কৰে সদৌ নগাঁও জিলা ছাত্ৰ সন্থাৰ সভাপতি অভিজিৎ দাসে৷
সভাত সদৌ অসম ছাত্ৰ সন্থাৰ উপ-সভাপতি মনি মাধৱ মহন্ত, বিশিষ্ট শিক্ষাবিদ ৰাণা প্ৰকাশ বৰা, সদৌ নগাঁও জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক মুন্না শৰ্মা, শিক্ষা সম্পাদক পংকজ দাস, সাংগঠনিক সম্পাদক পিংকু বৰা, সহকাৰী সম্পাদক অমৰজ্যোতি ফুকন, বিশিষ্ট সমাজকৰ্মী বিমল দাস, নিপন শৰ্মা উপস্থিত থাকে৷
হাতীচোং আঞ্চলিক ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক বিষ্ণুজ্যোতি নাথে আঁতধৰা সভাখনত হাতীচোং অঞ্চলৰ হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনায়৷ এই সভাতেই দৰিদ্ৰ পৰিয়ালৰ ৫ গৰাকী মেধাৱী ছাত্ৰ-ছাত্ৰী ক্ৰমে ভাগ্যশ্ৰী ৰাজা, প্ৰিয়ংকা শইকীয়া, ৰশ্মি বৰদলৈ, গুণমনি দাস আৰু ৰেকিব আলীক হাতীচোং আঞ্চলিক ছাত্ৰ সন্থাই আৰ্থিক সাহায্য প্ৰদান কৰে৷