গোৰেশ্বৰঃ আজি দৰং জিলাৰ আন্ধেৰীঘাটস্থিত বিষ্ণুজ্যোতি কনিষ্ঠ মহাবিদ্যালয়ৰ নৱাগত আদৰণি সভা উপলক্ষে আয়োজিত মুকলি আৰু সম্বৰ্দ্ধনা সভাখন অনুষ্ঠিত হয়৷ আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকি আন্ধেৰীঘাট হাইস্কুলৰ সহকাৰী শিক্ষক চণ্ডীনাথ শৰ্মাই কয় যে আজিৰ ছাত্ৰ-ছাত্ৰীৰ শত্ৰু হৈছে মোবাইল, সেয়ে ইয়াৰ ব্যৱহাৰ সজাগ হৈ কৰা খুবেই প্ৰয়োজন আজিৰ সময়ত।

মহাবিদ্যালয় পৰিচালনা সমিতিৰ সম্পাদক ৰাজেন মহন্তৰ দ্বাৰা সভাপতিত্ব কৰা সভা উদ্বোধন কৰে অৱসৰপ্ৰাপ্ত শিক্ষক-সমাজকৰ্মী প্ৰদীপ ৰায় বৰুৱাই। ইয়াৰ পূৰ্বে পূৱাৰ ভাগত মহাবিদ্যালয়ৰ পতাকা উত্তোলন কৰে অধ্যক্ষ দীন ৰাজবংশীয়ে। ছাত্ৰ একতা সভাৰ পতাকা উত্তোলন কৰে মহাবিদ্যালয় প্ৰবক্তা গোটৰ সম্পাদক কৃষ্ণ কান্ত ডেকাই।

ইয়াৰ পিছত শ্বহীদ তৰ্পণ কৰে মহাবিদ্যালয় পৰিচালনা সমিতিৰ কোষাধ্যক্ষ দেবেন্দ্ৰ নাথ ডেকাই। বৃক্ষ ৰোপন কৰে অতুল ডেকা আৰু পতিৰাম বড়োই। প্ৰাচীৰ পত্ৰিকা "ফেহুঁজালি "উন্মোচন কৰে আন্ধেৰীঘাট হাইস্কুলৰ প্ৰাক্তন প্ৰধান শিক্ষক মদন চহৰীয়াই।

নবাগত ছাত্ৰ ছাত্ৰীৰ চা চিনাকী অনুষ্ঠানৰ আঁত ধৰে প্ৰাক্তন ছাত্ৰ যুগল কুমাৰ মহন্তই। চা-চিনাকী অনুষ্ঠানত প্ৰদৰ্শন কৰা যোগ্যতাৰ ভিত্তিত বাসুদেৱ ৰাজবংশী আৰু ৰুমী কলিতাক শ্ৰেষ্ঠা নৱাগত হিচাপে পুৰস্কৃত কৰা হয়। ইপিনে মুকলি সভাত ২০১৭ বৰ্ষত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ষ্টাৰ মাৰ্ক আৰু প্ৰথম বিভাগ লাভ কৰা ছাত্ৰ ছাত্ৰী সকলকো সম্বৰ্দ্ধনা জনোৱা হয়। সভাৰ শেষত আমন্ত্ৰিত কন্ঠ শিল্পী ডেনিছৰ গীতৰ শৰাই আগবঢ়োৱা হয়।